/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e6488d82-a0a2-44fb-b14f-76c72000e096/b6.jpg)
ডিজিটেল ডেস্কঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শনৰ অধীনত ‘ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা’ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে।এইবৰ্ষত এই যাত্ৰাত সৰ্বমুঠ ৪৫০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। য'ত এই যাত্ৰা দেশৰ ৬৪ টা স্থানৰ মাজেৰে পাৰ হ’ব বুলি জানিবলৈ দিয়ে।
আজি গুৱাহাটীত ‘ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা’ৰ এক সফল উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু, ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গংগাপ্ৰসাদ পৰসায়ন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সহ-সাংগঠনিক সম্পাদক প্ৰফুল্ল অকান্ত আৰু গোবিন্দ নায়ক ডাঙৰীয়াৰ লগতে ছিলৰ ট্ৰাষ্টী সুনীল বসুমতাৰী উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/12902e71-4f7f-4620-8768-269306db5bfa/e703178f_940b_47ad_b59f_cf0b2acf49cd.jpg)
উল্লেখযোগ্য যে ১৯৬৬ চনৰ পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ যুৱক-যুৱতীসকলক ভাৰতৰ বাকী ৰাজ্যসমূহৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে আন্তঃৰাজ্যিক ছাত্ৰ জীৱন দৰ্শন (SEIL) প্ৰকল্প আৰম্ভ কৰিছিল। প্ৰতি বছৰে আয়োজন কৰা এই যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/02e58dc5-cba4-4866-b2a9-792f89b8d343/10c512c7_581c_4338_8ca9_f9052019d754.jpg)
'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'ৰ আহ্বায়ক অনুপ কুমাৰে কয় যে, "এই ভ্ৰমণত অংশগ্ৰহণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে দেশৰ বৈচিত্ৰ্যক প্ৰত্যক্ষভাৱে জানিবলৈ সুযোগ পাব আৰু যাত্ৰাত অংশ-গ্ৰহণ কৰা প্ৰতিনিধি সকলৰ জৰিয়তে দেশৰ অন্য ৰাজ্যৰ নাগৰিকে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে জনাৰ সুযোগ পাব ।"
আনহাতে এ বি ভি পিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাসে কয়, "SEIL যাত্ৰাই ভাৰতৰ বৈচিত্ৰময় সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। এইবৰ্ষৰ যাত্ৰাত অংশগ্ৰহণকাৰী সকলৰ বাবে নিৰ্ণায়ক আৰু এক জীৱন পৰিৱৰ্তনকাৰী যাত্ৰা ৰূপে প্ৰমাণিত হ'ব।"
এ বি ভি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক যজ্ঞব্লক শুক্লাই কয়," 'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'ত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে সমগ্ৰ ভাৰতৰ বৈচিত্ৰ্যৰ বিষয়ে জানিবলৈ সুযোগ পাব। দীৰ্ঘদিনীয়া SEIL যাত্ৰাৰ জৰিয়তে হাজাৰ হাজাৰ যুৱকে অংশগ্ৰহণ কৰিবলৈ সক্ষম হ'ব। উত্তৰ-পূব ভাৰতে নিৰন্তৰ উন্নয়নৰ দিশে আগবাঢ়িছে। 'ৰাষ্ট্ৰীয় একাত্মতা যাত্ৰা'ৰ প্ৰতিনিধিসকলৰ বাবে এই সুযোগে তেওঁলোকক নতুন অভিজ্ঞতাৰ জগতখনৰ সৈতে সংলগ্ন কৰিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/81bc56a4-9f82-4f46-b53d-85b1667203f4/93c11283_109b_4b66_9765_e9178aebd28a.jpg)
এ বি ভি পিৰ ৰাষ্ট্ৰীয় সহ-সাংগঠনিক সম্পাদক প্ৰফুল্ল অকান্ত ডাঙৰীয়াই কয়, "পৃথিৱীত ৰং, ৰূপ আৰু ভাষাৰ নামত দেশ গঠন হয়, সংঘাতৰ সৃষ্টি হয়, কিন্তু এই যাত্ৰা ভাৰতৰ বিশেষত্বৰ প্ৰত্যক্ষ উপলব্ধিৰ যাত্ৰা তথা বৈচিত্ৰ্যত ঐক্যতা প্ৰতীক হিচাপে পৰিণত হয়। দেশৰ আনটো কোণতো আমি এটা ঘৰ, এটা পৰিয়াল বিচাৰি পাম। ভাৰতত এই ভ্ৰাতৃত্ববোধৰ অনুভূতি যুগ যুগ ধৰি বিদ্যমান। সেই অভিজ্ঞতাক শক্তিশালী কৰাৰ বাবেহে এই যাত্ৰা, কেৱল পৰ্যটন এই যাত্ৰাৰ উদ্দেশ্য নহয়। সকলো SEIL অংশগ্ৰহণকাৰীয়ে নিজৰ নিজৰ ৰাজ্য, জনজাতি আৰু ভাষাৰ প্ৰতিনিধি হিচাপে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিব।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8654c1e5-cd95-4fa7-82e9-79f859c910eb/36b511bb_32f9_4cc2_b994_9b818fa6c155.jpg)
অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে কয়, "SEIL ৰ সকলো অংশগ্ৰহণকাৰীয়ে দেশজুৰি গৈ স্থানীয় পৰিয়ালৰ সৈতে থাকিব, এয়াই হৈছে SEIL যাত্ৰা আৰু তাৰ কৃতিত্বৰ বিশেষত্ব। মই,আন ঠাইলৈ যোৱাৰ পিছতহে নিজৰ পৰিয়াল, ঘৰ আৰু খাদ্যৰ গুৰুত্ব উপলব্ধি কৰিছিলোঁ। আজিৰ যুৱক-যুৱতীসকলে ভাৰতক জনাটো আৰু নিজৰ সংস্কৃতি আৰু আচাৰ-অনুষ্ঠান বুজি পোৱাটো প্ৰয়োজন আৰু এই যাত্ৰা এই দিশত গুৰুত্বপূৰ্ণ" বুলি মন্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e3567a90-b44f-4d48-ab14-af3074a04332/f5042d72_5bc3_48a1_b5e0_536ea839d435.jpg)
আৰু পঢ়কঃ কহুৱাআটিত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ মৰিগাঁও জিলা সমাবেশ