/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e819150e-0d09-410f-b69b-bf1a702a7ed9/b5.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱাঃ সমগ্ৰ শৈৱ ভক্তসকলক একগোট কৰি, সামূহিক শৈৱ চৈতন্য জাগ্ৰত কৰাৰ উদেশ্যে সনাতন পৰম্পৰাৰ শৈৱ মাৰ্গত, ভক্তি মাৰ্গৰ এক আধ্যাত্মিক সংগঠন হৈছে আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘ। মৰিগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ লগত মত বিনিময় কৰি আন্তৰাষ্ট্ৰীয় শৈৱ সংঘৰ মৰিগাঁও জিলাৰ জিলা সমিতি স্থাপন কৰাৰ মানসেৰে অহা ৫ ফেব্ৰুৱাৰীত এখনি সমাবেশৰ আয়োজন কৰা হৈছে।
মৰিগাঁও জিলাৰ বৰছিলা পঞ্চায়তৰ অন্তৰ্গত কুহুৱাটি গাঁৱৰ সাৰ্বজনীন শিৱ মন্দিৰত অহা ৫ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই সমাবেশ। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮ বজাত মাংগলিক কাৰ্য, ৯ বজাত বন্তি প্ৰজ্বলন আৰু মংগলাচৰণ আৰু মহাদৈবিক সংগীত, ১০ বজাত বিশিষ্ট অতিথি আৰু জিলা প্ৰতিনিধি সকলৰ সম্বৰ্ধনা, ২ বজাত প্ৰতিনিধিসকলৰ লগত মত বিনিময়, দ্বায়িত্ব প্ৰদান, সিদ্ধান্ত গ্ৰহণ সম্বন্ধীয় সভা অনুষ্ঠিত হ'ব।
ৰাজ্যৰ ভিন্ন প্ৰান্তত ভক্ত বৈষ্ণৱ,পণ্ডিত,সাধু সন্তৰ সমাবেশেৰে অনুষ্ঠিত হ'বলগীয়া উক্ত সমাৰোহত সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ হৈ সভাপতি চন্দ্ৰমোহন শৈৱই।
আৰু পঢ়কঃ গণৰাজ্য দিৱস শিবিৰত অসমৰ ছাত্ৰীৰ ডিজি প্ৰশংসা কাৰ্ড লাভ