/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f32ff53a-c800-4537-ae0a-b2d82186e156/Akashvani.jpg)
ডিজিটেল ডেস্ক : আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে ৬৭ টা বছৰ সম্পূৰ্ণ কৰি ভৰি দিলে ৬৮ টা বছৰত । ১৯৫৭ চনত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে সম্প্ৰচাৰ কৰিছিল প্ৰথমখন বুলেটিন। সময়ৰ গতিত আগবাঢ়ি গৈ উক্ত কেন্দ্ৰটিৰ বাতৰি বিভাগে আজি গৰকিলে ৬৭ টাকৈ বছৰ।
এই উপলক্ষে সোমবাৰে কেন্দ্ৰটিয়ে কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰে বিশেষ অনুষ্ঠান। উক্ত অনুষ্ঠানটিত মূখ্য অতিথি হিচাপে উপস্থিত থাকে আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালক প্ৰধান ড০ বসুধা গুপ্তা। লগতে বৰ্ষপুতি অনুষ্ঠানটিত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা, অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথ, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসীক বিষয়া প্ৰশান্ত বৰকটকী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে বহু জ্যেষ্ঠ লোকে।
উক্ত অনুষ্ঠানত এটি মত-বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয়। মত-বিনিময় অনুষ্ঠানটিত ৰাজ্যিক তথ্য আয়ুক্ত ড০ সমুদ্ৰ গুপ্ত কাশ্যপ, ইউনিচেফৰ উত্তৰ পূৰ্বাঞ্চলৰ মূৰব্বী মধুলিকা যোনাসান, বন্যপ্ৰাণী সংৰক্ষক পূৰ্ণিনা দেৱী বৰ্মণ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসীক বিষয়া প্ৰশান্ত বৰকটকী উপস্থিত থাকে।
উল্লেখ্য যে, অনুষ্ঠানটিৰ আঁত ধৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি সম্পাদক শান্তনু ৰৌমূৰীয়াই।