গণেশগুৰি দুৰ্ঘটনাঃ এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ...

গণেশগুৰি দুৰ্ঘটনাঃ এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ...
গণেশগুৰি দুৰ্ঘটনাঃ এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ গণেশগুৰি পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পুনৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছ। এইবাৰ গ্ৰেপ্তাৰ কৰা হ’ল এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক।

চতিয়াৰ পৰা আটক কৰা হৈছে এই ঠিকাদাৰজনক। ইয়াৰ পূৰ্বে শুকুৰবাৰে এই একেটা প্ৰতিষ্ঠানৰে পৰিচালক বি বালাজীক গ্ৰেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ গণেশগুৰিত এখন স্কুল বাছৰ চকাৰ তলত পৰি মৃত্যু হৈছিল প্ৰিয়া কুমাৰী নামৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ। ইয়াৰ পাছতে পোহৰলৈ অহা চি চি টিভি কেমেৰাত স্পষ্ট হৈছিল ৰাজপথৰ মাজত খান্দি থোৱা এটা গাঁত আছিল এই দুৰ্ঘটনাৰ অন্যতম মূল কাৰণ।

জাইকাৰ পানী যোগানকাৰী পাইপ মেৰামতিৰ বাবে খান্দি থোৱা আছিল এই গাঁতটো। বহু বিতৰ্কিত জাইকাৰ বিৰুদ্ধে গুৱাহাটীয়েই নহয় বৰঞ্চ ৰাজ্যজুৰিয়েই ইতিমধ্যে এক প্ৰৱল জনমত গঢ়লৈ উঠিছে।

তেনে পৰিস্থিতিত জাইকাৰ বাবেই পুনৰ এগৰাকী ছাত্ৰীয়ে প্ৰাণ দিবলগীয়া হোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে। আনহে নালাগে স্থানীয় ৰাইজে জাইকা আৰু বিভাগীয় মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধেও দাখিল কৰে গোচৰ।

তাৰ মাজতে অৱশ্যে জল ব’ৰ্ডে গণেশগুৰিৰ পৰা লালমাটিলৈ জাইকাৰ পাইপ মেৰামতিৰ দায়িত্ব লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে গোচৰ দাখিল কৰে। এই গোচৰৰ ভিত্তিতেই শুকুৰবাৰে প্ৰথমে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ পৰিচালক বি বালজীক আৰু এইবাৰ ঠিকাদাৰ পৰিজাত শইকীয়াক গ্ৰেপ্তাৰ কৰিছে।

গুৱাহাটীৰ পৰা যোৱা এটা আৰক্ষীৰ দলে তেওঁক চতিয়াৰ পৰা গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ আনিছে। জানিব পৰা মতে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৰাজপথত গাঁত খান্দি পাইপ মেৰামতিৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ পৰা ল’বলগীয়া অনুমতি লোৱা নাছিল।

ইয়াৰোপৰি ৰাজপথৰ মাজতেই গাত খান্দি উন্মুক্ত অৱস্থাতেই থোৱাৰ লগতে গাঁতৰ মাটিৰে পথৰ আধা অংশ পৰ্যন্ত আৱদ্ধ কৰি ৰাখিছে। সেয়েহে চূড়ান্ত দায়িত্বহীনতাৰ বাবে এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

গণেশগুৰি দুৰ্ঘটনাঃ এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ...
প্ৰধানমন্ত্ৰী মোডীৰ শিক্ষাগত অৰ্হতা কি? পুনৰ গুজৰাট ন্যায়ালয় পালেগৈ কেজৰিৱাল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in