বিশাল ফুকনৰ পাছত চুমি বৰাৰ সন্ধানত নামিছে আৰক্ষী...

বিশাল ফুকনৰ পাছত চুমি বৰাৰ সন্ধানত নামিছে আৰক্ষী...

author-image
Asomiya Pratidin
New Update
বিশাল ফুকনৰ পাছত চুমি বৰাৰ সন্ধানত নামিছে আৰক্ষী...

ডিজিটেল ডেস্ক: বিশাল ফুকনক ৪ ঘণ্টাজোৰা জেৰাৰ অন্তত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত এতিয়া বিচাৰি ফুৰিছে আন কেইবাজনো লোকক। তাৰ ভিতৰত নৃত্য নিৰ্দেশক তথা ৰীলছৰ অভিনেত্ৰী চুমি বৰাৰ সন্ধানতো আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

Advertisment

এক সূত্ৰ মতে চুমি বৰা বৰ্তমান আত্মগোপন কৰি আছে মহানগৰীত। আৰক্ষীয়ে ইতিমধ্যে স্বপ্ননীল দাসকো আটক কৰিছে। উল্লেখযোগ্য যে অত্যাধিক ধন লাভৰ সপোন দেখুৱাই এইসকলে গ্ৰাহকৰ পৰা ধন আত্মসাৎ কৰি আহিছে।

বিশাল ফুকনে এই ধনেৰে খোলা কোম্পানীত চুমি বৰাৰ ভাতৃকো সঞ্চালক কৰি লৈছিল। তেঁওকো তদন্তৰ আওতালৈ অনাৰ বাবে ইতিমধ্যে দাবী উত্থাপন হৈছে।

ইফালে স্বপ্ননীল দাসক বেলতলাৰ ফ্লেটৰ পৰা আৰক্ষীয়ে আটক কৰাৰ পাছত তেঁওৰ দুখন বিলাসী বাহন জব্দ কৰিছে বুলি জানিব পৰা গৈছে। উদয়পুৰত ডেষ্টিনেশ্যন ৱেডিং পাতি চৰ্চালৈ অহা চুমি বৰাৰ এই বিয়াত বিশাল ফুকনে প্ৰৱঞ্চনাৰে সংগ্ৰহ কৰা কোটি কোটি টকা ব্যয় কৰাৰো অভিযোগ আছে।

Also Read: বেলতলাৰ ফ্লেটৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক স্বপ্ননীল দাসক : জব্দ দুখন বিলাসী বাহন

SUMI BORAH Assam police BISHAL PHUKON