/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/ug5886ff/web 1.png)
ডিজিটেল ডেস্ক : অনলাইন ট্ৰেডিঙৰ জৰিয়তে গ্ৰাহকক লুটি কটাইছিল বিলাসী জীৱন ! মন গ’লেই গৈছিল প্ৰমোদ ভ্ৰমণৰ বাবে বিদেশলৈ। নাছিল টকা-পইচাৰ কোনো অভাৱ।
গ্ৰাহকক প্ৰৱঞ্চনা কৰা প্ৰৱঞ্চক স্বপ্ননীল দাসে বিলাসী বাহনত উঠি ঘূৰি ফুৰিছিল বিভিন্ন প্ৰান্তত। মনৰ ইচ্ছা মতেই কৰি গৈছিল মন যোৱা প্ৰতিটো কাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/4yro0b5g/b82b5a33-74fa-48f2-9cbf-3fed34ed48fb.jpg)
কিন্তু ভাগ্যৰ কি বিড়াম্বনা ! সোমবাৰে মাজনিশা ধৃত স্বপ্ননীলক বিচাৰি মহানগৰ আৰক্ষীৰ চলিল মাৰাথন অভিযান। অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহু গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত অভিযুক্ত স্বপ্ননীলৰ বিৰুদ্ধে দিশপুৰ আৰক্ষীয়ে চলালে এই অভিযান।
এই অভিযানত মহানগৰীৰ বেলতলাৰ এটা বিলাসী ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে অনলাইন ট্ৰেডিঙৰ ঘটনাৰে অভিযুক্ত ধৃত স্বপ্ননীল দাসক। তাৰোপৰি তেঁওৰ দুখন বিলাসী বাহনো দিশপুৰ আৰক্ষীয়ে জব্দ কৰে।