জামিন নাকচৰ পিছতেই চি. এম ভিজিলেন্সৰ কাৰ্যালয়ত হাজিৰ ACS শৰ্মিষ্ঠা বৰা...

বৃহস্পতিবাৰে জামিন আবেদন নাকচ নিলম্বিত ACS বিষয়াৰ ৷ সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ গোচৰত অভিয়ুক্ত চাৰি ACS বিষয়া । অন্তৱৰ্তীকালিন জামিন নাকচৰ পিচতেই মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হৈছে বিষয়া ACS বিষয়া শৰ্মিষ্ঠা বৰা
জামিন নাকচৰ পিছতেই চি. এম ভিজিলেন্সৰ  কাৰ্যালয়ত হাজিৰ ACS শৰ্মিষ্ঠা বৰা...

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জামিন আবেদন নাকচ নিলম্বিত ACS বিষয়াৰ ৷ সাংসদ পুঁজিৰ ধন অপব্যৱহাৰৰ গোচৰত অভিয়ুক্ত চাৰি ACS বিষয়া । অন্তৱৰ্তীকালিন জামিন নাকচৰ পিচতেই মুখ্যমন্ত্ৰী তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হৈছে বিষয়া ACS বিষয়া শৰ্মিষ্ঠা বৰা

ACS বিষয়া শৰ্মিষ্ঠা বৰাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি দিনজোৰা জেৰাৰ অন্তত যাবলৈ দিয়ে ৷ শুকুৰবাৰে পুনৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ বিষয়াগৰাকীক ৷

সাংসদ পুঁজি কেলেংকাৰীৰ তদন্ত আৰম্ভ হোৱাৰ পিছতেই দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে বিষয়াকেইগৰাকীয়ে ৷ বিষয়াকেইগৰাকীয়ে তেওঁলোকৰ চহী জাল কৰি চহী কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৷

চহী জাল কৰাৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষে চাৰি গৰাকী বিষয়াৰ চহী প্ৰেৰণ কৰিব এফএছএললৈ ৷

পৰৱৰ্তী সময়ত এফএছএলৰ ৰিপৰ্টতহে উন্মোচিত হ’ব প্ৰকৃততে ACS বিষয়াকেইগৰাকীৰ চহী জাল কৰা হৈছিল নে আত্মৰক্ষাৰ পক্ষত ৰুজু কৰিছে চহী জালৰ গোচৰ ব্ষয়াকেইগৰাকীয়ে ৷

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত পোহৰলৈ আহিছিল অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী ।

ইয়াৰ পিছতেই আৰম্ভ হৈছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্ত । তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহিছিল ১৪জন বিষয়াৰ নাম ৷

এইসকলৰ মাজত চাৰি জনকৈ ACS বিষয়াৰ নামো সাঙোৰ খাইছিল । অভিযুক্ত চাৰি বিষয়া হৈছে ACS শৰ্মিষ্ঠা বৰা, হেমন্ত দত্ত, মুনিন বৰদলৈ, সুকন্যা বৰা ৷

জামিন নাকচৰ পিছতেই চি. এম ভিজিলেন্সৰ  কাৰ্যালয়ত হাজিৰ ACS শৰ্মিষ্ঠা বৰা...
গুলীবিদ্ধ শিশু ধৰ্ষণকাৰী আনন তাঁতী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in