গুলীবিদ্ধ শিশু ধৰ্ষণকাৰী আনন তাঁতী...

গুলীবিদ্ধ শিশু ধৰ্ষণকাৰী আনন তাঁতী...
গুলীবিদ্ধ শিশু ধৰ্ষণকাৰী আনন তাঁতী...

ডিজিটেল ডেস্কঃ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ শিশু ধৰ্ষণকাৰী অনন তাঁতী গুলীবিদ্ধ। প্ৰাৰম্ভিক খবৰ অনুসৰি আৰক্ষীৰ গুলীত আহত হৈ মৃত্যু হৈছে ধৰ্ষণকাৰী অনন তাঁতীৰ।

অৰুণাচলৰ পৰা আৰক্ষীয়ে আজি আটক কৰিছিল ধৰ্ষণকাৰীটোক। তাৰ পাছতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় অনন তাঁতী।

খবৰ অনুসৰি অনন তাঁতীৰ ইতিমধ্যে মৃত্যু হৈছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই। তাৰ মাজতে ডি আই জি জিৎমল দলেয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে আনন তাঁতী গুলীবিদ্ধ হোৱাৰ কথা।

উল্লেখ্য যে, অনন তাঁতীয়ে এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছিল।ঘটনাৰ বিৱৰণী অনুসৰি ১ মে'ৰ নিশা কিশোৰী গৰাকী মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল। কিন্তু কিশোৰী গৰাকীৰ টোপনি ধৰাত আত্মীয় বুলি ভৱা আনন তাঁতীৰ ঘৰতে কিশোৰী গৰাকীক থৈ গৈছিল মাতৃয়ে।

তাৰ পাছতেই পুৱাৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল কিশোৰী গৰাকী। কিশোৰী গৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীক জনাইছিল পৰিয়ালৰ লোকে। আৰক্ষীৰ অভিযানৰ পাছতেই বুধবাৰে নিশা আনন তাঁতীৰ ঘৰৰ ওচৰত থকা এটা হোষ্টেলৰ শৌচালয়ৰ গাতৰ পৰা উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহ।

অভিযোগ অনুসৰি আনন তাঁতীয়ে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্য়া কৰিছিল। ঘটনাৰ পাছৰ পৰাই পলাতক হৈ আছিল আনন তাঁতী। অভিযুক্ত আনন তাঁতী দুই সন্তানৰ পিতৃ।

ঘটনাৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। নিশাই ন্যায় বিচাৰি একাংশ হাহাকাৰ লগাই আনন তাঁতীৰ ঘৰ ভাঙি পেলায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত।

গুলীবিদ্ধ শিশু ধৰ্ষণকাৰী আনন তাঁতী...
মাজনী, মইয়ো যে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in