ইংৰাজী ভাষাত গণিত, বিজ্ঞানৰ পাঠদানৰ বিৰোধিতাৰে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ...

ইংৰাজী ভাষাত গণিত, বিজ্ঞানৰ পাঠদানৰ বিৰোধিতাৰে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ...
ইংৰাজী ভাষাত গণিত, বিজ্ঞানৰ পাঠদানৰ বিৰোধিতাৰে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ...

ডিজিটেল সংবাদ গুৱাহাটীঃ অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা মাতৃভাষা মাধ্যম ধ্বংসৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই। মাতৃভাষা মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা অসমীয়া, বড়ো আৰু অন্যান্য মাতৃভাষাৰ মাধ্যমৰ পৰিবৰ্তে ইংৰাজী ভাষাত পাঠদানৰ ব্যৱস্থা কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই ।

চৰকাৰৰ এনে অবিবেচকী কাণ্ডৰ বিৰুদ্ধে ইতিমধ্য ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি ৰাজ্যজুৰি বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীসকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে অহা ১৫ জুনত প্ৰতিখন জিলাত বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাই দিনৰ ১১ বজাৰ পৰা দিনৰ ১ বজালৈ প্ৰতিবাদ সাব্যস্ত কৰিব।

ইংৰাজী ভাষাত গণিত, বিজ্ঞানৰ পাঠদানৰ বিৰোধিতাৰে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ...
গণেশগুৰি পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ ক'লে দুটা ভুল আছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in