গণেশগুৰি পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ ক'লে দুটা ভুল আছে...

গণেশগুৰি পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ ক'লে দুটা ভুল আছে...
গণেশগুৰি পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ ক'লে দুটা ভুল আছে...

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ গণেশগুৰিত সংঘটিত হোৱা পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ এই সন্দৰ্ভত কয়, চি চি টিভি ফুটেজ চাই দুটা ভুল অনুমান হয়। স্কুটীখনে ভুল দিশেৰে অভাৰটেক কৰিব বিচাৰিছিল আৰু ৰাজপথত গাঁত থকাটো স্পষ্ট হৈছে।

তেওঁ ৰাজপথৰ এই গাঁতসমূহ কিয় আছে সেই বিষয়ে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে ভুল দিশেৰ যানবাহন চলোৱাৰ ক্ষেত্ৰত যানবাহন আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈও নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত গণেগুৰিত সংঘটিত হৈছিল এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৰয়েল গ্ল'বেল স্কুলৰ এছন বাছৰ পাছৰ চকাত পৰি মৃত্যু হৈছিল লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰীৰ।

ৰয়েল গ্ল'বেল স্কুলৰ বাছখনৰ নম্বৰ এ এছ ০১ পি চি ৭৪১১। প্ৰথমে এই দুৰ্ঘটনাৰ বাবে বাছখনৰ চালককে জগৰীয়া কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত পোহৰলৈ অহা চি চি টিভি ফুটেজত স্পষ্ট হৈছিল এই দুৰ্ঘটনা বাছখনৰ চালকৰ ভুলৰ বাবে নহয়, জাইকাই ৰাজপথৰ মাজত খান্দি থোৱা এটা গাত আৰু স্কুটী চলাকৰ ভুলৰ বাবেই সংঘটিত হৈছিল।

এই সন্দৰ্ভত খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত সাংবাদিকৰ আগত এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইফালে এই ঘটনাৰ পাছতে জাইকাৰ পানীৰ পাইপৰ কাম কৰি থকা এ কে কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

সমান্তৰালকৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে বিভাগীয় মন্ত্ৰী অশোক সিংহাল আৰু জাইকাৰ বিৰুদ্ধেও গোচৰ দাখিল কৰিছে।

গণেশগুৰি পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ ক'লে দুটা ভুল আছে...
গুলী, বাৰুদেৰে নোৱাৰিলে ! এইবাৰ ইউক্ৰেইনক বানে মৰাৰ অপচেষ্টা ৰাছিয়াৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in