/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/726a060e-cdea-4c7e-ad8e-4ca3c91711f3/AP_FOR_WEB__1.jpg)
ডিজিটেল ডেস্ক : অভিশ্ৰুতি বেজবৰুৱা অসমৰ সংগীত জগতৰ এটি চিনাকি নাম। পৰম্পৰাগত লোকসংগীতৰ লগতে থলুৱা গীত-মাতৰ জৰিয়তে সংগীত সৃষ্টি কৰাত বিশেষ দখল থকা এগৰাকী প্ৰতিভাৱান সংগীতশিল্পী অভিশ্ৰুতি বেজবৰুৱা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7a80ef38-0def-4427-8fc0-47eb1932660b/df227272_350a_4fd7_940a_275b8eb1b4fe.jpg)
তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ ইতিমধ্যে বহুকেইটা গীতেৰে সংগীতপ্ৰেমীৰ মাজত তুলি ধৰিছে। ৰৈ ৰৈ ৰতি, এছাতি বতাহ, ওৰে ৰাতি, কেৰুমণি থুৰীয়া, কৰ্দৈ চকলা আদি তেওঁৰ থলুৱা সংগীত সংযোজিত উল্লেখনীয় গীত।
এইগৰাকী প্ৰতিভাৱান শিল্পীৰ নৱতম সৃষ্টি হৈছে 'দীঘলতি দীঘলপাত'। 'দীঘলতি দীঘলপাত' মূলতঃ গৰুবিহুৰ প্ৰেক্ষাপটত সৃষ্টি কৰা গীত। পৰম্পৰাগত বিহুনামক বিহু সুৰীয়া শৈলীৰে গীতটি সৃষ্টি কৰা হৈছে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গীতটি শুভমুক্তি দিয়া হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d754b36f-d156-49d5-92ef-841f6f8e51bb/2e79af31_18c1_491a_a62e_a43149a11fda.jpg)
অনুষ্ঠানটিত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে।আনহাতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে গীতিকাৰ-সুৰকাৰ তথা সংগীত শিল্পী দিগন্ত ভাৰতী আৰু সাংস্কৃতিক কৰ্মী সমুজ্জ্বল কাশ্যপ।
অভিশ্ৰুতি বেজবৰুৱাই জনোৱা অনুসৰি, গীতটোৰ এটি পংক্তি অভিযোজনাৰ ক্ষেত্ৰত লখিমপুৰৰ বিহু সম্ৰাট অমৰেন্দ্ৰ গগৈয়ে সহায় কৰিছে। ৰাভাসকলৰ নলকাৰা, বাডুমডুঙা, জাপকাৰা আৰু গুগুমেলা নামৰ এইকেইবিধ থলুৱা বাদ্য গীতটিত ব্যৱহাৰ কৰা হৈছে। যিয়ে গীতটি শ্ৰাব্যমধুৰ হোৱাত সুকীয়া মাত্ৰা প্ৰদান কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/e7b838ab-621d-47ec-a234-c915ffb33504/7563d00a_db8b_4645_9a80_5077530989ba.jpg)
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে গীতটিৰ কথা যদিও পৰম্পৰাগত ইয়াত গীতিকাৰে নতুনকৈ অভিযোজনা ঘটাইছে। 'দীঘলতি দীঘলপাত' গীতটি সুৰেৰে সজাইছে দিগন্ত ভাৰতীয়ে। সংগীত ইবচন লাল বৰুৱাৰ আৰু ব্যৱস্থাপনা পৰাণ বৰকটকীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/a249cf5c-8574-4c73-b99a-fc1a0b497396/6723f578_6ea5_4018_9577_0629bba6ec09.jpg)
আনহাতে অভিশ্ৰুতি বেজবৰুৱাৰ কণ্ঠত প্ৰাণ পাই উঠা 'দীঘলতি দীঘলপাত' গীতটিৰ ভিডিঅ' পৰিচলনা কৰিছে সমুজ্জল কাশ্যপে। ইয়াত অভিনয় কৰিছে নাট্যকাৰ-অভিনেতা তথা পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে ভালেকেইগৰাকী প্ৰতিভাৱান অভিনয় শিল্পীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/65df94e2-1e95-4fac-b00b-02f446616399/5da0e799_f429_4c13_8e81_3ee3c4200551.jpg)
গীতটি মুকলি কৰি চেতনা দাসে গীতটিৰ লগত জড়িত আটাইকে ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়- "অভিশ্ৰুতিৰ গান মই আগৰ পৰাই শুনিছো। বৰ ভাল গীত গায়। তেওঁ দেশে-বিদেশে সুনাম অৰ্জন কৰিছে। তেওঁ এগৰাকী প্ৰতিভাশালী শিল্পী।"
লগতে দিগন্ত ভাৰতীয়েও গীতটিৰ সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে। দীঘলতি দীঘলপাত অকণমাণ সুকীয়াকৈ চিন্তা কৰি গীতটি উলিওৱা হৈছে। সহজভাৱে ৰাইজৰ লগত সংযোগ স্থাপন কৰিব পৰা এটি গীত। ইয়াক কথা,সুৰ, সংগীতে ৰাইজক সহজে আপ্লুত কৰিব বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/9e2ddeba-2b27-457a-b6ec-86bb0bdb1832/f1acfcf0_8010_4316_ac95_2c9602563420.jpg)
উক্ত অনুষ্ঠানত অসমীয়া সংগীত জগতৰ ভালেকেইগৰাকী শিল্পীৰ লগত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। গীতটি এতিয়াৰে পৰা বিভিন্ন প্ৰচাৰ মাধ্যমৰ জড়িয়তে শ্ৰোতা-দৰ্শকে উপভোগ কৰিব পাৰিব।
Also Read: মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ