মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজন সংখ্যক অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

ডিজিটেল সংবাদ শিলচৰ : চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান এতিয়াও অব্যাহত আছে। মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে বৃহস্পতিবাৰে চুৰাচান্দপুৰ আৰু কাংপকপি জিলাৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

Advertisment

অভিযান কালত নিৰাপত্তা বাহিনীয়ে চুৰাচান্দপুৰ জিলাৰ পৰা এটা ১২জি শ্বটগান, মেগজিনসহ এটা পইন্ট টু টু অটোমেটিক ৰাইফল, ৯টা ছিংগল বেৰেল ৰাইফল, মেগজিনসহ ১টা দেশত নিৰ্মিত ৯ এম এম পিষ্টল, ২টা ইম্প্ৰভাইজড মৰ্টাৰসহ ১টা মৰ্টাৰ বোমাৰ লগতে আৰু বহুতো বিস্ফোৰক সামগ্ৰী জব্দ কৰে।

আনহাতে, কাংপকপি জিলাৰ পাহাৰীয়া এলেকাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে মেগজিনসহ এটা ৭.৬২এম এম এ কে ৫৬ ৰাইফল, দুটা ১২ব’ৰ বেৰেল ৰাইফল আৰু ৭.৬২এমএ ম পিষ্টলৰ ১০ ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰে।

Also Read: তিতাবৰৰ তেলেই কছাৰী প্ৰাথমিক বিদ্যালয়ত সামাজিক উৎসৱ উদযাপন

manipur assam rifles Assam police