গুৱাহাটীত আপৰ যোগদান কাৰ্যসূচীঃ কংগ্ৰেছ, বিজেপি এৰিলে অৰ্ধশতাধিকতকৈ অধিকে...

গুৱাহাটীত আপৰ যোগদান কাৰ্যসূচীঃ কংগ্ৰেছ, বিজেৰি এৰিলে অৰ্ধশতাধিকতকৈ অধিকে...
গুৱাহাটীত আপৰ যোগদান কাৰ্যসূচীঃ কংগ্ৰেছ, বিজেৰি এৰিলে অৰ্ধশতাধিকতকৈ অধিকে...

ডিজিটেল সংবাদ গুৱাহাটীঃ আম আদমি পাৰ্টীৰ নীতি-আদৰ্শ তথা কামৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ গুৱাহাটী মহানগৰৰ ৬০ গৰাকীতকৈও অধিক লোকে আজি আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সভাপতি ডা৹ ভবেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত দলত যোগদান কৰে। বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা আপত যোগদান কৰাসকলৰ ভিতৰত সৰ্বাধিক মহিলা আছিল।

একেটা অনুষ্ঠানতে বেলতলা কলেজৰ সাধাৰণ সম্পাদক অবিনাশ শৰ্মায়ো অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীত যোগদান কৰে। উল্লেখ্য যে আপে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰতো সদস্য ভৰ্তিৰ অভিযান চলাই আছে।

আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি দলটোৱে সাংগঠনিক কাম-কাজ ত্বৰান্বিত কৰিছে। যোৱা ২১ মে'ত গোলাঘাটত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকত দলটোৰ নিৰ্বাচনকেন্দ্ৰিক ৰণকৌশল ৰচনা কৰা হয়।

সভাপতি ডা৹ চৌধুৰী ডাঙৰীয়াই যুৱ-প্ৰজন্ম আৰু শিক্ষিত লোকসকলক ৰাজনীতিৰ পথাৰলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনাগত নিৰ্বাচনসমূহত যিসকল লোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনতে আশা পুহি ৰাখিছে, তেওঁলোকক আম আদমি পাৰ্টীৰ পৰা এই সুযোগ ল'বলৈও তেওঁ আহ্বান জনায়।

গুৱাহাটীত আপৰ যোগদান কাৰ্যসূচীঃ কংগ্ৰেছ, বিজেৰি এৰিলে অৰ্ধশতাধিকতকৈ অধিকে...
UPSC ত পঞ্চম স্থান পোৱা ময়ূৰে ক'লে 'সুখী অনুভৱ কৰিছো': পিতৃয়ে ক'লে এয়া অসমৰ সাফল্য...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in