/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a9d2d73a-07dd-4e4b-83d3-e08bb74683e5/protest.jpg)
ডিজিটেল ডেস্কঃ স্মার্ট মিটাৰ প্ৰক্ৰিয়া বন্ধ কৰা, বর্ধিত বিদ্যুৎ মাছুল হ্ৰাস কৰা আৰু বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবীত মঙ্গলবাৰে আম আদমি পাৰ্টীয়ে মহানগৰীৰ কেইবাটাও স্থানত বৈদ্যুতিক সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দলটোৰ প্ৰায় অর্ধশতাধিক প্ৰতিবাদকাৰীয়ে 'বিদ্যুৎ মাছুল হ্রাস কৰক', 'প্রিপেইড মিটাৰ সংযোগ বন্ধ কৰক’, ‘শক্তি মন্ত্ৰী হুছিয়াৰ’, ‘এপিডিডিএল হায় হায়' আদি শ্ল'গানেৰে হাতে হাতে প্লেকার্ড লৈ প্ৰতিবাদস্থলী উত্তাল কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5c540efe-b21a-4ef9-ad37-06d1bc6e1dbc/aea28e03_8297_4be5_b4a5_5c7560568286.jpg)
আম আদমি পার্টীয়ে ব্যক্তিগত কোম্পানীৰ আঙুলিৰ ঠাৰত নাচি থকা এপিডিডিএলৰ আসোঁৱাহপূৰ্ণ প্রি-প্রেইড মিটাৰ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়। প্রতিবাদস্থলীত উপস্থিত থাকি আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে 'পৰিশোধ কৰাৰ ক্ষমতাতকৈ অধিক ঋণগ্রস্থ অসমৰ বিজেপি চৰকাৰে জনসাধাৰণৰ বিদ্যুতৰ নামত লুণ্ঠন কৰিবলৈ প্রি-প্রেইড মিটাৰ প্ৰৱৰ্তন কৰিলে, কিন্তু ২৪ ঘন্টা নিয়মীয়া বিদ্যুৎ দিবলৈ সক্ষম নহ'ল। ওলোটা ঋণগ্রস্থতাৰ পৰা উদ্ধাৰ হোৱাটো দূৰৰে কথা ঋণৰ সুত পৰিশোধ কৰিবলৈ বিদ্যুৎ মাছুল বৃদ্ধি কৰি জনতাক মাধমাৰ দিবলৈ উঠি পৰি লাগিছে।'
লগতে দলটোৱে দিল্লী আৰু পঞ্জাৱত যদি গ্রাহকে প্ৰতিমাহে ২০০ ইউনিটকে বিনামূলীয়া বিজুলী লাভ কৰিব পাৰে, অসম চৰকাৰে কিয় নোৱাৰে বুলি প্রশ্ন উত্থাপন কৰে। প্রিপ্রেইড স্মার্ট মিটাৰৰ পৰিৱৰ্তে পূৰ্বৰ দৰে প'ষ্ট পেইড মিটাৰৰ ব্যৱস্থা কৰাৰ লগতে বিদ্যুৎ মাছুল হ্ৰাস কৰা আদি সমস্যাসমূহ সমাধান কৰিবলৈ উপ-সংমণ্ডল বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।
মহানগৰীত দলটোৰ এই প্রতিবাদী কাৰ্যসূচী ফৰেষ্টগেটস্থিত নাৰেঙ্গী বৈদ্যুতিক উপ-সংমণ্ডল বিষয়াৰ কাৰ্যালয়, উলুবাৰীস্থিত এপিডিডিএলৰ কাৰ্যালয় আৰু কাহিলীপাৰাস্থিত পাৱাৰ হাউচৰ সন্মুখত তিনিটা স্থানত দিনত এঘাৰ বজাত ৰূপায়ন কৰে। দলটোৱে বিজেপি চৰকাৰে এই জনবিৰোধী কাৰ্য শীঘ্ৰে প্ৰত্যাহাৰ নকৰিলে পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব হুংকাৰ প্ৰদান কৰে।
Also Read: ধন দাবীৰ অভিযোগত IC দ্বীপজ্য়োতি কাকতিক ৰিজাৰ্ভ ক্লজ...