/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e639ef66-582c-4386-be3e-0390f042adf0/majuli.jpg)
ডিজিটেল সংবাদ, মাজুলীঃ মাজুলী গড়মূৰ আৰক্ষী থানাত উপস্থিত বালিচাপৰি আৰক্ষী চকীৰ I.C. দ্বীপজ্যোতি কাকতি । পুৱাৰ ভাগত দ্বীপজ্যোতিৰ বিৰুদ্ধে গড়মূৰ থানাত লিখিত অভিযোগ দাখিল কৰিছিল মেৰুৱাবাৰীৰ আনন্দ নাথে। আনন্দ নাথৰ এজাহাৰৰ ভিত্তিতে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে I.C দ্বীপজ্যোতি কাকতিক ।
গড়মূৰ আৰক্ষী থানাত ৩৯/২০২৩ গোচৰ সম্পৰ্কীয় ১৪৭,১৪৮,১৪৯,৩৪১, ৩৪২,৩২৪, ৩২৫,৩৮৭, ৫০৬ গোচৰ ৰুজু কাকতিৰ বিৰুদ্ধে। অনন্ত নাথৰ পুত্ৰক মুকলি কৰি দিয়া বাবদ I C দ্বীপজ্যোতিয়ে ধন দাবী কৰি লৈছিল ২৫০০ টকা । নামনি মাজুলী বালিচাপৰি থানাত সংঘটিত হৈছিল ধন দাবী কাণ্ড।
নামনি মাজুলী বাঘ গাঁৱত থকা শহুৰৰ ঘৰলৈ নিশা ১ বজাত যোৱাৰ বাবেই চোৰৰ সন্দেহত গণৰোষৰ বলি হৈছিল দিব্য জ্যোতি নাথ নামৰ এজন লোক । ১০ জুনৰ নিশা ১ মান বজাত বালিচাপৰি আৰক্ষী দ্বীপজ্যোতি কাকতিয়ে উদ্ধাৰ কৰি আনি থানাতে ৰাখি থৈ বাঘগাঁও গাঁৱৰক্ষী বাহিনীৰ আৰু গাওঁপ্ৰধান আৰু দিব্যজ্যোতি নাথৰ পিতৃ আনন্দ নাথৰ উপস্থিতিত এখন চুক্তিত স্বাক্ষৰ কৰি মুকলি কৰি দিয়াৰ নামত লৈছিল উক্ত ধন । বালিচাপৰি থানাত নতুন I.C ক প্ৰদান কৰা হৈছে দায়িত্ব ।
Also Read: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাহিত্য অকাদেমিৰ গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us