ছহিদ দিৱস উপলক্ষে ৮৫৫ গৰাকী ছহিদৰ স্মৃতিত আপৰ শ্ৰদ্ধাঞ্জলি

ছহিদৰ স্বপ্ন পূৰণ কৰিবলৈ অংগীকাৰবদ্ধ হ'ব লাগিব নতুন প্রজন্ম : আপ সভাপতি ভবেন চৌধুৰী

author-image
Asomiya Pratidin
New Update
ছহিদ দিৱস উপলক্ষে ৮৫৫ গৰাকী ছহিদৰ স্মৃতিত আপৰ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ,গুৱাহাটী : আজি ১০ ডিচেম্বৰ,ছহিদ দিৱস। আজিৰ এই ঐতিহাসিক দিনটো অসমৰ বিভিন্ন প্ৰান্তত ভিন ভিন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে ৮৫৫জন ছহিদৰ স্মৃতি সুঁৱৰি পালন কৰিছে ছহিদ দিৱস।

Advertisment

একদৰে ৰাজনৈতিক দল আম আদমি পার্টীয়েও দেওবাৰে গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ ঐতিহাসিক অসম আন্দোলনৰ সময়ছোৱাত অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫ জন ছহিদৰ পবিত্র স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠান পালন কৰে।

দলীয় বিষয়ববীয়া, কর্মকর্তাসকলে বন্তি প্রজ্বলন, ছহিদৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি প্রদানেৰে জাতীয় ছহিদৰ স্মৃতিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত থাকি আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে, অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যিসকল ছহিদ হৈছিল, যিসকল নির্যাতিত হৈছিল তেওঁলোকৰ সপোনৰ সেই অসম আজি অসম চুক্তিৰ ৩৮ বছৰ পিছতো পূৰণ হোৱা নাই।

ছহিদৰ সেই স্বপ্ন পূৰণ কৰিবলৈ আজিৰ নৱপ্ৰজন্মক অংগীকাৰবদ্ধ হ'বলৈ আহ্বান জনায়। সন্ধিয়া দলটোৱে ৮৫৫ গৰাকী ছহিদৰ স্মৃতিত ৮৫৫ গছি বন্তি প্রজ্বলন কৰে।

Also Read: সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

aap assam SWAHID DIWAS