/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3ed42f0a-38fa-495c-a7b2-c4af4def9080/359.jpg)
সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা দেওবাৰে সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে কোকৰাঝাৰৰ ভূটীয়াপাৰাত খেলপথাৰত সম্পন্ন কৰা হয়। অহা ২৭ ,২৮ আৰু ২৯ ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ ভূটীয়াপাৰা খেলপথাৰত অনুষ্ঠিত হ'ব নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰিবাৰ্ষিক অধিৱেশন।
অধিৱেশনক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে আৰু আজি অধিৱেশন উপলক্ষে সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰা হয় । আজিৰ কাৰ্যসূচীত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লক্ষণ নাথ,সাধাৰণ সম্পাদক অৰবিন্দ নাথ,কহিনুৰ থিয়েটাৰৰ মুখ্য অভিনেতা কৃষ্ণমণি নাথ,বিশিষ্ট সমাজসেৱক মুৰুলীধৰ মেধি,নিৰ্জয় ইছলাৰী আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ লগতে কেবাশতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cf02bd5d-4cc3-4dbb-9296-5cbfd9cdfd90/7c4e522b_eb85_4aa0_abef_eda9a232ab3b.jpg)
লাইখুঁটা অনুষ্ঠান সম্পন্ন হোৱাৰ পিছতে কেবাশতাধিক নাচনীয়ে কাৰ্তিকা নৃত্য প্ৰদৰ্শন কৰে। ইপিনে অনুষ্ঠানৰ পিছত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে সংবাদ মাধ্যমৰ আগত কয় যে, অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু এইবাৰৰ অধিৱেশনখনে ইতিহাস সৃষ্টি কৰিব।
সকলো জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হ'ব ভূটীয়াপাৰা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিৱেশনথলী । ২৭ ডিচেম্বৰত আৰম্ভ হ'বলগীয়া অধিবেশনৰ দ্বিতীয়দিনা ৰাজ্যৰ সকলো জাতীয়-জনগোষ্ঠীও সংগঠনসমূহৰ নেৰ্তৃবৰ্গৰ উপস্থিতিত প্ৰথমখন মুকলি সভা আৰু দ্বিতীয়দিনা ৰাজনৈতিক নেৰ্তৃবৰ্গৰ উপস্থিতিত দ্বিতীয়খন মুকলি সভা অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/5b7d3504-c050-4a4a-b75a-d41b7944aa9e/d3037c78_133d_4a88_b425_b87e9c1cb308.jpg)
ইয়াৰোপৰি অধিৱেশনত একেলগে ৭০০০ নাচনীয়ে নৃত্য প্ৰদৰ্শন কৰিব আৰু সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হ'ব । ত্ৰি-বাৰ্ষিক অধিৱেশনতে কেন্দ্ৰীয় কমিটি নতুনকৈ গঠন হোৱাৰ সম্ভাৱনা থকাৰ লগতে অধিৱেশনৰ প্ৰতিনিধি সভাত কিছুমান প্ৰস্তাৱ গৃহীত হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/9150300a-791d-44e9-a2cd-f341481e93d1/f9190fea_fd06_4051_ad67_286d9df2fcd5.jpg)
সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে কিছুমান দাবী পূৰণ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে। ইপিনে লাইখুঁটা স্থাপন কাৰ্যসূচীত কহিনুৰ থিয়েটাৰৰ মুখ্য অভিনেতা কৃষ্ণমণি নাথ উপস্থিত থাকি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে আৰু অধিবেশনখন যাতে সাফল্যলণ্ডিত হয় তাৰ কামনা কৰে। প্ৰণিধানযোগ্য যে আজিৰ কাৰ্যসূচীত ভূটীয়াপাৰা খেলপথাৰ লোকে লোকাৰণ্য হৈ পৰে ।
Also Read: কাৰ্বি আংলঙত অবাধ বন ধ্বংসই হাতী-মানুহৰ সংঘাতৰ প্ৰধান কাৰণ !