মহানগৰীত মঙলদৈ আৰক্ষীৰ জালত ৭ চাইবাৰ অপৰাধী

মহানগৰীত মঙলদৈ আৰক্ষীৰ জালত ৭ চাইবাৰ অপৰাধী

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈ আৰক্ষীয়ে শুকুৰবাৰে গুৱাহাটীত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ৭গৰাকীকৈ যুৱকক। আটাইকেইজন যুৱকক চাইবাৰ অপৰাধৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা যুৱক কেইজন গুৱাহাটী, হাজো আৰু নগাঁও জিলাৰ বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰ হোৱা যুৱককেইজন হ'ল ক্ৰমে হুছেইন আলি, ফাইজুল ইছলাম, ইজাজ আহমেদ, মুক্তাৰ আলি, হবিবুল্লা, হাছান আলি, মুজ্জজিল হুছেইন। জানিব পৰা অনুসৰি আটাইকেইজনক মঙলদৈৰ পি এছ আই কোর্টত হাজিৰ কৰোৱা হৈছে। তদুপৰি মঙলদৈ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অপৰাধী কেইজনক সোধা-পোছা অব্যাহত ৰাখিছে।

মহানগৰীত মঙলদৈ আৰক্ষীৰ জালত ৭ চাইবাৰ অপৰাধী
মুগদি-সোণাপুৰত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in