/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d60a0adb-0209-42fb-add9-49899ad9ff2f/48.jpg)
ডিজিটেল ডেস্ক : অসমৰ ৰাইজক ভুৱা প্রতিশ্রুতিৰে আশাৰ নদী বোৱই অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত শৰাইঘাটৰ শেষ ৰণত বিদেশী নহয়, খিলঞ্জীয়াই ভৰিৰ তলৰ মাটি হেৰুৱাব লগা হৈছে। জিঞ্জাৰ হোটেল, আজমল আৰু হিম্মত সিংকাৰ অট্টালিকাৰ এচপৰা ইটাও খহাব নোৱাৰা চৰকাৰখনৰ কেৱল মাত্র খিলঞ্জীয়াৰ ঘৰ দুৱাৰত আক্রমণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/7da18eb5-14d2-4729-9d18-7925edff9bc3/3ac9fcf3_8281_42f8_832b_3504cdaac89e.jpg)
এয়াই অসমীয়া মানুহৰ আজিৰ পৰিণতি। আজি খিলঞ্জীয়াই মূৰৰ ওপৰৰ চালিখন ৰক্ষাৰ কাৰণে মহিলাই শৰীৰৰ বস্ত্ৰখনো দলিয়াই প্রতিবাদ কৰিবলগীয়া হোৱাটো অত্যন্ত দুর্ভাগ্যজনক কথা। এই অভিযোগ আম আদমি পার্টী, অসমৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b1b1f9de-fc4a-40ed-83fc-a3d93b99f61b/43fe5479_5699_4eb1_83d1_cde7613fcbab.jpg)
শুকুৰবাৰে প্রতিকূল বতৰকো নেওচি শিলসাঁকোৰ উচ্ছেদস্থলীত আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ নেতৃত্বত এটি সজাতি দল উপস্থিত হয়। দলটোৱে উচ্ছেদিতসকলক সাক্ষাৎ কৰি তেওঁলোকৰ দুর্দশাৰ বুজ লয়। লগতে লোকসকলৰ মাজত খোৱাপানীকে ধৰি কিছুদিনৰ ৰেচন যোগান ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/93e13cda-89f1-4dd5-b482-a53f52d0647e/a7c26916_b17f_4375_9598_0e00f83f8da8.jpg)
পৰিদৰ্শনৰ পিছত সংবাদ মাধ্যমৰ আগত ক্ষোভেৰে কয় যে,এইবোৰ মাটি যদি বেদখলেই হয়, তেন্তে চৰকাৰে বিজুলী সংযোগ,পানীৰ ব্যৱস্থা,লোকনির্মাণ বিভাগে পথ নির্মাণ,সাংসদৰ উন্নয়ন পুঁজি, জি.এম.চিয়ে হল্ডিং নম্বৰ দি কৰ সংগ্রহ কিয় কৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0e46b0bc-10f3-412c-a021-c5361cba6363/b80b820e_e01f_4dc7_a1de_30e0daf86de0.jpg)
এইদৰে খিলঞ্জীয়া ৰাইজক হাৰাশাস্তি কৰি অবৈধ আয়েৰে সম্পত্তিৰ পাহাৰ গঢ়া জি.এম.ডি.এ.ৰ অবৈধ অভিযন্তাক নিলম্বিত কৰা হ'লনে বুলিয়ো ৰাজ্য চৰকাৰলৈ প্ৰশ্নবাণ নিক্ষেপ কৰে। জলাশয় সংৰক্ষণ আৰু গুবাহাটীক যদি বানপানী মুক্ত কৰিবই লাগে তেন্তে জিঞ্জাৰ হোটেল, আজমল, হিম্মত সিংকাৰ মাটিত বুলড'জাৰৰ হাতুৰি কিয় পৰা নাই বুলি আপ অসমৰ সভাপতি চৌধুৰীয়ে প্রশ্ন উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/df4d086e-7382-4251-8a83-c1f18b6ec593/76b136b7_7108_498c_9785_6c9c8170ec5d.jpg)
বৃটিছতকৈও স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই পৰিয়ালসমূহৰ চকুপানীৰ মূল্য এদিন ভবিব লাগিব। ইয়াৰোপৰি 'আপ'ৰ প্রতিনিধি দলটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ পুঁজিপতিক হাজাৰ হাজাৰ বিঘা ভূমি দিবলৈ সক্ষম হোৱা মুখ্যমন্ত্রীয়ে কোনো জননী নিদিয়াকৈ, অলপো সময় নিদিয়াকৈ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ শিলসাঁকোবাসীক কিয় অত্যাচাৰ চলাই আছে বুলি প্রশ্ন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c0d3fdd1-7701-4902-b4a5-ac61db9ef7f0/75600175_d5f6_4523_829b_f5132e27ed7f.jpg)
আম আদমি পার্টীয়ে চৰকাৰৰ এই অবিবেচকী কাণ্ডক গৰিহণা দিয়াৰ লগতে উচ্ছেদ কার্য বন্ধ আৰু উচ্ছেদিত পৰিয়ালসমূহক শীঘ্রে পুনৰ সংস্থাপনৰ ব্যৱস্থা কবিবলৈ দাবী জনায়। উচ্ছেদস্থলী পৰিদৰ্শন কালত আপৰ প্রতিনিধি দলটিত জয়ন্ত শইকীয়া, ৰুদ্রাংকুৰ হাজৰিকা, মানস শর্মা, মিতালী গগৈকে আদি কৰি ভালেকেইগৰাকী ৰাজ্যিক বিষয়ববীয়া উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/82eb5b8a-6a78-4781-8368-5bbbfe9b8cd2/874093ab_bcf2_4940_b594_71e9cde601ad.jpg)
Also Read: গড়গাঁও মহাবিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন