গড়গাঁও মহাবিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গড়গাঁও মহাবিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ,শিৱসাগৰ : 'সাম্প্ৰতিক সময়ত জ্ঞানৰ উৎস বহুত যদিও কিতাপহে জ্ঞানৰ প্ৰাচীন আৰু সক্ৰিয় উৎস।'এই মন্তব্য কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক তথা বিশিষ্ট লেখক ড° অৰূপজ্যোতি চৌধুৰীৰ ৷

শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য কৰে ৷ ড° চৌধুৰীয়ে কয়- 'বৰ্তমান সমাজত প্ৰতিযোগিতাৰ লগতে হাতে-হাত ধৰি সহযোগিতাৰে আগবাঢ়ি যাব লাগিব ৷

প্ৰকৃতিৰ সন্তুোলন, ছাত্ৰ-ছাত্ৰীৰ স্বনিয়োজনৰ বাট আদি সম্পৰ্কে কেইবাটিও চিন্তাৰ বাট মুকলি কৰে ৷' তেওঁ লগতে আজিৰ পৃথিৱীত জ্ঞানৰ উৎস বহুত যদিও কিতাপক জ্ঞানৰ প্ৰাচীন আৰু সক্ৰিয় উৎস বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

উল্লেখযোগ্য যে শুকুৰবাৰে পুৱা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। ইয়াৰ পিছত মুকলি সভাত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম য়াদবে ৷

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বিমান চন্দ্ৰ বৰুৱাই উদ্বোধন কৰা মুকলি সভাখনৰ আদৰণি ভাষণ আগবঢ়াই গড়গাঁও মহবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিৱন্ধকাৰ ড০ সব্যসাচী মহন্তই ৷ আদৰণি ভাষণত ড০ মহন্তই মহাবিদ্যালয়খনৰ ইতিহাসৰ ৰূপৰেখা দাঙি ধৰাৰ লগতে সময়ৰ গতিশীলতাৰ লগত খোজ মিলাই মহাবিদ্যালয়খনে উন্নতিৰ ধাৰা অব্যাহত ৰখাৰ যাত্ৰাত সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

তেওঁ লগতে লক্ষ্য আৰু উদ্দেশ্য প্ৰাপ্তিত মহাবিদ্যালয়খনে সদায় আৰু অধিক কষ্ট কৰিব লাগিব বুলি দোহাৰে ৷  মুকলি সভাত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড০ ৰীণা সন্দিকৈ, অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট সাহিত্যিক ড০ অৰুন্ধতী মহন্ত, প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি দেৱ হাজৰিকা, শিক্ষক গোটৰ সভাপতি মনোৰমা ফুকনে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নিজৰ অনুভৱ ব্যক্ত কৰে ৷

মুকলি সভাতে মহাবিদ্যালয়খনৰ অগ্ৰগামী যাত্ৰাত বিশেষ স্তৰত পৰিণত কৰা কৃতী অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকলক সম্বৰ্ধনা আৰু বঁটা প্ৰদান কৰা হয় ৷ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপকদ্বয় ড০ ৰিমঝিম বড়া, ড০ নিলোৎপল চুতীয়া, প্ৰাণী বিজ্ঞান বিভাগৰ ড০ পিমিলী লাংথাছা আৰু পৰিসংখ্যা বিজ্ঞান বিভাগৰ ড০ বৰ্ণালী দত্তক তেওঁলোকৰ পি-এইচ.ডি. ডিগ্ৰীৰ বাবে সম্বৰ্ধনা জনোৱা হয় ৷

বিগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক এই সভাতে সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ উপৰি ড০ অৰুন্ধতী মহন্তই গড়গাঁও মহাবিদ্যালয়ৰ কলা শাখাৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীক প্ৰদান কৰা দেউকণ মহন্ত সোঁৱৰণী বঁটা লাভ কৰে ৰাখীপ্ৰিয়া সন্দিকৈয়ে ৷

ড০ অৰুন্ধতী মহন্তই গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপকক প্ৰদান কৰা নাইনা মহন্ত সোঁৱৰণী বঁটা লাভ কৰে কৰবী গগৈয়ে ৷ ইতিহাস বিভাগৰ বিভাগীয় প্ৰধান ড০ মঞ্জুমণি গগৈয়ে পুনাৰাম গগৈ আৰু জয়বালা গগৈৰ সোঁৱৰণত প্ৰদান কৰা বঁটা লাভ কৰে জুবিন কুকুৰাচোৱাই ৷

দিগন্ত কোঁৱৰ তথা তেওঁৰ পৰিয়াল বৰ্গই বিজ্ঞান শাখাৰ শ্ৰেষ্ঠ স্নাতকক প্ৰদান কৰা নোমল কোঁৱৰ আৰু গুণ কোঁৱৰ সোঁৱৰণী বঁটা লাভ কৰে গণিত বিভাগ বিজয় বেৰিয়াই ৷ গড়গাঁও মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড০ পংকজ কুমাৰ নাথে গ্ৰন্থাগাৰ ব্যৱহাৰৰ ক্ষেত্ৰত শ্ৰেষ্ঠ হোৱা জেনিস্মিতা শইকীয়া আৰু সুভাষ প্ৰধানক বিশেষ উৎসাহমূলক বঁটা প্ৰদান কৰা হয় ৷

ড০ সুৰজিৎ শইকীয়াই গড়গাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগত সৰ্বোচ্চ নম্বৰৰ প্ৰাপকক  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা প্ৰাক্তন সম্পাদক,যুৱ সংগঠক প্ৰয়াত গৌৰৱ গগৈৰ সোঁৱৰণ প্ৰদান কৰা ‘গৌৰৱ গগৈ মেমৰিয়েল এৱাৰ্ড’ লাভ কৰে পূজা চুতীয়াই ৷

ড০ সুৰজিৎ শইকীয়া, ড০ নিলোৎপল চুতীয়া আৰু অংকিকা দত্তই প্ৰদান কৰা অণুপ্ৰেৰণা বঁটা লাভ কৰে ক্ৰমে অংশু কুমাৰী(২০২০-২২), ৰীমা দিহিঙ্গীয়া (২০২২-২৪), সন্দীপ চন্দাই(২০২৩-২৪) ৷ অসমীয়া বিভাগৰ অধ্যাপিকা দেৱযানী বকলীয়ালে আঁত- ধৰা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ড০ মিন্টু গগৈ আৰু নমামী দত্তৰ সম্পাদনাত প্ৰকাশিত 'নিউ ডাৰেকচন ইন ৰিচাৰ্ছ' উদ্বোধন কৰে ড০ অৰুন্ধতী মহন্তই।

অধ্যাপক ড০ ৰমানন্দ দাসে শলাগৰ শৰাই প্ৰদান কৰাৰ পিছতে মুকলি সভা সমাপ্ত হয় ৷ মুকলি সভাৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত একেৰাহে ৩বাৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰা গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী অনন্যা গগৈয়ে গীতৰ অনুষ্ঠান পৰিৱেশন কৰি সকলোকে অভিভূত কৰি তোলে।

গড়গাঁও মহাবিদ্যালয়ৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
মাটি বিক্ৰী কৰি গছপুলি ৰোপন কৰা কুমুদ বৰুৱা আজি চিকিৎসাধীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in