/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/48ee76ce-dab7-44db-97bb-ca78894fe952/AP_FOR_WEB_aap.jpg)
চৰকাৰৰ বিৰুদ্ধে মূল্যবৃদ্ধি হ্ৰাস কৰিব নোৱাৰি সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ...
ডিজিটেল ডেস্কঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি আপ মহিলা শক্তিৰ উদ্যোগত গুৱাহাটী প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিত্য ব্য়ৱহৃত সামগ্ৰী মূল্য হ্ৰাসকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/47742e40-7ad5-427d-9734-3c94734ebe83/f36e60d0_f255_4271_a958_deb48a1dfe57.jpg)
আপ মহিলা শক্তিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত সাব্যস্ত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে প্ৰতিবাদকাৰীয়ে সাংবাদিকৰ আগত কয়, এজন বাকপটু মুখ্যমন্ত্ৰী থকাৰ পাছতো অসমৰ বজাৰত নিত্য প্ৰয়োজনীয় সা-সামগ্ৰীৰ দামে আকাশ চুইছেগৈ। শাক-পাচলি, চাউল-তেল, ফল-মূলৰ দামে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে। ডিজেল-পেট্ৰ'ল, ঔষধ, গৃহ নিৰ্মাণৰ সামগ্ৰীৰ ক্ষেত্ৰতো একেই অৱস্থা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/bd7f19b4-5a30-417b-afbe-90f9c8ff14eb/e585760f_6226_44ea_8c91_6a1ee573d79b.jpg)
ইয়াৰোপৰি মূল্যবৃদ্ধি হ্ৰাসৰ ক্ষেত্ৰত শাসনাধিস্ত চৰকাৰে কোনো কাৰ্যব্যৱস্থা গ্ৰহণ নকৰা সন্দৰ্ভত প্ৰতিবাদীসকলে কয় যে, সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা লোৱা আমি দেখা নাই। ইয়াৰ বিপৰীতে এই মূল্য বৃদ্ধি, বিশেষকৈ শাক-পাচলিৰ বৰ্ধিত দামৰ বাবে এটা বিশেষ সম্প্ৰদায়ক কাঠগড়াত উঠাই নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰি দিছে।
এফালে চৰকাৰ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ আৰু আনফালে এই ব্যৰ্থতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ বাবে অসমবাসীৰ দৃষ্টিত চৰকাৰ দ্বৈত দোষত দোষী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/13acc2fd-060b-437b-a0ed-fa32787ab308/23a0c2b2_debd_4221_9ff9_73a06bf45a21.jpg)
Also Read: মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...