মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

ডিজিটেল ডেস্কঃ অসম সচিবালয় চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্থাৰ উদ্যোগত আজি দিছপুৰৰ গণ সেৱা ভৱনত আয়োজিত হয় এক সম্বৰ্ধনা অনুষ্ঠান। ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম সচিবালয়ৰ চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠান।

Advertisment

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, শ্ৰম মন্ত্ৰী মন্ত্ৰী সঞ্জয় কিষান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম সচিবালয়ৰ চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ছয় গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আজিৰ এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় |

অসম সচিবালয় চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্থাৰ সভাপতি মঃ ৰৌচান আলীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত বক্তব্য ৰাখি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই কৃতি ছাত্ৰ ছাত্ৰীক ভৱিষ্যতে সুনাগৰিক হৈ দেশ আৰু জাতিৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰিবলৈ আহ্বান জনায় |

অসম সচিবালয় চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্থাৰ উদ্যোগত আয়োজিত এনে সম্বৰ্ধনা অনুষ্ঠানত প্ৰতি বছৰেই অংশগ্ৰহণ কৰা মন্ত্ৰীগৰাকীয়ে কয় যে, সচিবালয়ৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা তেওঁৰ আন্তৰিক শ্ৰদ্ধা আৰু আগ্ৰহৰ বাবে তেওঁ প্ৰতি বছৰেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায় |

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে তেওঁলোকে ডাঙৰ সপোন দেখিলেহে ভৱিষ্যতে ডাঙৰ মানুহ হ’ব পাৰিব | সেয়ে ছাত্ৰ-ছাত্ৰীসকলক সপোন দেখাৰ ক্ষেত্ৰত কৃপণালী নকৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় |

আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমান্তৰালভাৱে উচ্চতৰ মাধ্যমিক আৰু ভৱিষ্যতৰ আন পৰীক্ষাসমূহতো উজ্জ্বল ফলাফল প্ৰদৰ্শন কৰি নিজৰ মাক দেউতাক আৰু সমাজক গৌৰৱাম্বিত কৰি নিজেও যাতে সমাজত সুপ্ৰতিস্থিত হ’ব পাৰে তাৰ বাবে পৰিশ্ৰমেৰে আগবাঢ়ি যাবলৈও মন্ত্ৰী হাজৰীকাই ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় | 

আজিৰ অনুষ্ঠানত শেহতীয়াকৈ অসম চৰকাৰে সচিবালয়ৰ নজৰত বিভাগত নিযুক্তি প্ৰদান কৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলকো আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় |

Also Read: গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ ৰ কাৰ্টেন ৰেইজাৰ মুকলি...

সচিবালয় পীযুষ হাজৰিকা