নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি ন্যায়িক তদন্তৰ দাবী 'আপ’ৰ

ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি ন্যায়িক তদন্তৰ দাবী 'আপ’ৰ

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন আম আদমি পাৰ্টীৰ ভাতৃ সংগঠন আপ যুৱ শক্তিৰ। এই অভিযোগ উত্থাপন কৰি ন্যায়িক তদন্তৰ বাবে শুকুৰবাৰে সংগঠটোৱে ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

আপ যুৱ শক্তিৰ সভাপতি ৰুদ্রাংকুৰ হাজৰিকাৰ নেতৃত্বত এটি ৰাজ্যিক প্রতিনিধি দলে আজি ৰাজভৱনত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াক সাক্ষাৎ কৰে। এই সমছোৱাত দলটোৱে অসম চৰকাৰৰ নিযুক্তি প্রক্রিয়াত ধনৰ লেনদেনত ব্যাপক কেলেংকাৰী সংঘটিত হোৱা বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দৃষ্টিগোচৰ হোৱাকৈ তদন্ত কৰিবলৈ দাবী জনায়।

আনহাতে ক'ভিডযোদ্ধাসকলৰ আমৰণ অনশনৰ বিষয় সন্দৰ্ভতো সংগঠটোৱে এক আলোচনাত মিলিত হয়। লগতে ৰাজ্যখনৰ সকলো চৰকাৰী উদ্যোগ বন্ধ কৰি যিধৰণে নিৱনুৱা সমস্যাই গ্রাস কৰিছে তাৰ সমান্তৰালকৈ মূল্যবৃদ্ধিৰ সমস্যা সমাধানৰ বিষয়েও বিষদভাৱে আলোচনা কৰে।

তাৰোপৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজক তেওঁলোকৰ নিজা বাসভূমিৰ পৰা উচ্ছেদ চলাই এক অৰাজক পৰিস্থিতিৰ মাজলৈ লৈ যোৱা বুলি স্মাৰক পত্ৰত উল্লেখ কৰে। এই সম্পৰ্কও এলানি গুৰুত্বপূর্ণ আলোচনা কৰি ৰাজ্যপালৰ সম্পূর্ণ হস্তক্ষেপ বিচাৰে।

প্রয়োজনীয় সকলোখিনি কথা সম্পৰ্কে আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ আৰু অপৰাধীক কঠোৰতম শাস্তি প্রদান কৰিবলৈ আপ যুৱ শক্তি তৰফৰ পৰা এখন স্মাৰক-পত্র প্রদান কৰে। উল্লেখ্য যে, আপৰ প্রতিনিধি দলটোত নিশান্ত কাশ্যপ, তৃণা ৰাণী পাতৰ, মিতালী গগৈ আৰু মনিৰত্নম ডেকা উপস্থিত থাকে।

Also Read: বন্ধন বেংকৰ নতুন শাখা মুকলি অনুষ্ঠানত সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা

RECRUITMENTS aap