/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/298233a1-92f4-4dc5-8d46-e9f1616d1a36/100.jpg)
ডিজিটেল ডেস্ক : আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে মুকলি কৰিলে আন এটি শাখা। মহানগৰীৰ নুনমাটিত বন্ধন বেংকৰ এটি নতুন শাখা মুকলি কৰা হয়।
শুকুৰবাৰে এক মাংগলিক পৰিৱেশত বন্তি প্ৰজ্জ্বলনৰে শাখাটি মুকলি কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। নুনমাটিৰ ক্লাচিক এনক্লেভত বন্ধন বেংকৰ ক্ষেত্ৰীয় পৰিচালক দেৱজিৎ ভৰদ্বাজৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই শাখাটি মুকলি কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/241eba93-ed63-4caa-a2b8-95c4566ab05b/28f1b785_6380_49f7_88ac_6a4bde3fd700.jpg)
উল্লেখ্য যে, অনুষ্ঠানৰ পূৰ্বে মুখ্য অতিথি জয়ন্ত বৰুৱাক বেংক কৰ্তৃপক্ষই ফুলাম গামোচা,ফুলৰ থোপা,জাপি আদিৰে উষ্ণ আদৰণি জনায়। ইফালে অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী আৰু মহাপ্ৰৱন্ধক গৌৰৱ গোস্বামীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/90ae8a40-db03-4614-b740-17c03be0d6e9/57e1cc4e_4fb1_4d14_a5a8_c727d2452e01.jpg)
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বৰুৱাই কয় যে, ক্লাচিক এনক্লেভত মুকলি কৰা এই শাখাই মহানগৰবাসীক দিব বিশেষ সুবিধা। লগতে তেওঁ বন্ধন বেংকে বিগত সময়ত ৰাইজলৈ আগবঢ়াই অহা সহায়ৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/713524e6-0628-4056-be9f-559c6ba54b46/ac3cfcb6_1c34_43cb_9656_c564aabef06b.jpg)
আনহাতে বন্ধন বেংকৰ এই শুভ মূহুৰ্তত উপস্থিত থাকি আনন্দ লাভ কৰা বুলি মন্তব্য কৰে বৰুৱাই। 'আমি সকলোৱে জানো এখন ৰাজ্য বা দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত বেংকৰ এটা বিশেষ ভূমিকা থাকে।' সেয়া গ্ৰাম্য অৰ্থনীতিয়েই হওক নাইবা চহৰৰ অৰ্থনীতিয়ে হওক এই বন্ধন বেংকে বিশেষকৈ গ্ৰাম্যঞ্চলত যথেষ্ট মনযোগিতাৰে কাম কৰা বুলি অসমীয়া প্ৰতিদিনৰ সম্পাদক বৰুৱাই উল্লেখ কৰে।
Also Read: অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ "ষ্টুডেন্ট এনগেজমেন্ট কনক্লেভ" আৰম্ভ