বিৰোধী ঐক্য মঞ্চ বৰ্তাই ৰাখাৰ স্ৱাৰ্থত গুৱাহাটী লোকসভা সমষ্টি আপে ত্যাগ কৰিছেঃ ঋষিৰাজ কৌণ্ডিন্য

বিৰোধী ঐক্য মঞ্চ বৰ্তাই ৰাখাৰ স্ৱাৰ্থত গুৱাহাটী লোকসভা সমষ্টি আপে ত্যাগ কৰিছেঃ ঋষিৰাজ কৌণ্ডিন্য

ডিজিটেল সংবাদ, গুৱাহাটীঃ "বিৰোধী ঐক্য মঞ্চ বৰ্তাই ৰাখিবৰ বাবেই গুৱাহাটী লোকসভা সমষ্টিতো এৰি দি আম আদমী পাৰ্টিয়ে ত্যাগ কৰিছে। কংগ্ৰেছে সেই কথাটো বুজা উচিত। কংগ্ৰেছক আপে দিল্লীত তিনিখনকৈ আসন এৰি দিয়াৰ লগতে অসমতো গুৱাহাটীৰ দৰে এখন আসন এৰি দিছে। ইয়াৰ পিছতো যদি কংগ্ৰেছ আকোৰগোজ হৈ থাকে তেন্তে কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চ ভাঙিবলৈ আৰু বিজেপিক নিৰ্বাচনত সহায় কৰিবলৈ প্ৰত্যক্ষভাৱে জড়িত থকাটো প্ৰমাণ হৈ যাব।" এই বিষ্ফোৰক মন্তব্য শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ। শনিবাৰে বিশ্বনাথৰ আপৰ কাৰ্যালয়ত উপস্থিত থকা প্ৰাৰ্থীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে।

ইফালে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণ জ্যোতি আৰু মনোজে যদি একেলগে মিলি সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে নিৰ্বাচন খেলিলে বেছি লাভবান হ'ব বুলিও মন্তব্য কৰে শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী কৌণ্ডিন্যই। আনহাতে সমষ্টিটোত এমাহ পূৰ্ৱৰ পৰাই সমষ্টিবাসীৰ দুৱাৰে দুৱাৰে প্ৰচাৰ চলোৱাৰ কথা জানিবলৈ দি প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ পৰা ভাল সঁহাৰি লাভ কৰাৰ কথা জানিবলৈ দিয়াৰ লগতে শোণিতপুৰত এইবাৰ পৰিবৰ্তন দেখা যাব বুলি উল্লেখ কৰে।

প্ৰাৰ্থীগৰাকীয়ে কয় যে শোণিতপুৰ তথা পূৰ্বৰ তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিক ৰাইজে পৰীক্ষা কৰি চাইছে। সেই পৰীক্ষাত তেওঁলোকে ভাল মাৰ্ক পোৱা নাই। কিন্তু আপৰ যি দুখন ৰাজ্যত চৰকাৰ চলি আছে তাত তেওঁলোকে ভাল মাৰ্ক পাইছে বুলি উল্লেখ কৰি শোণিতপুৰ লোকসভা সমষ্টিতো এইবাৰ ভোটাৰ ৰাইজে আপলৈ ভাল মাৰ্ক আগবঢ়াব বুলি মন্তব্য কৰে।

বিৰোধী ঐক্য মঞ্চ বৰ্তাই ৰাখাৰ স্ৱাৰ্থত গুৱাহাটী লোকসভা সমষ্টি আপে ত্যাগ কৰিছেঃ ঋষিৰাজ কৌণ্ডিন্য
নৰ্টন কলা নিকেতন আৰু সংগীত বিদ্যালয়ৰ সৌজন্যত নাট্যানুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in