নৰ্টন কলা নিকেতন আৰু সংগীত বিদ্যালয়ৰ সৌজন্যত নাট্যানুষ্ঠান

নৰ্টন কলা নিকেতন আৰু সংগীত বিদ্যালয়ৰ সৌজন্যত নাট্যানুষ্ঠান

author-image
Asomiya Pratidin
New Update
নৰ্টন কলা নিকেতন আৰু সংগীত বিদ্যালয়ৰ সৌজন্যত নাট্যানুষ্ঠান

ডিজিটেল সংবাদ, বেবেজীয়াঃ কলংপৰীয়া শিল্পী প্ৰয়াত অজিত শৰ্মাৰ সোঁৱৰণত নৰ্টন কলানিকেতন আৰু সংগীত বিদ্যালয়ৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৭বজাৰ পৰা নগাঁও স্থিত বীণাপাণি নাট্য মন্দিৰ প্ৰাংগণত এক মনোৰম কাৰ্যসূচীৰে এক নাট্যানুষ্ঠান সম্পন্ন হয়। নাট্যানুষ্ঠানটিত গগণ চৌধুৰীৰ ৰচনা আৰু পৰিচালনা, মৌচম বৰা(নিপু)ৰ সহ পৰিচালনাৰে 'শিল্পীৰ চকুলো' আৰু 'নষ্টালজিয়া' শীৰ্ষক নাট দুখনৰো মঞ্চায়ন কৰা হয় ।

Advertisment

নাট্যকাৰ-গগণ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানটিত অনুষ্ঠানত বিশিষ্ট গল্পকাৰ তথা কলংপাৰ কাকতৰ মূখ্য সম্পাদক গুৰমাইল সিংহ, বিশিষ্ট নাট পৰিচালক পুণ্যদা বৰা, সংগীত শিল্পী কৃষ্ণমণি নাথ, পৌৰসভাৰ ৩ নং মহলাৰ সদস্যা মৃদুস্মিতা বৰা, গৌৰাংগ বৰা, সমাজসেৱী পঞ্চী খাউণ্ড, মুনিন্দ্ৰ বৰা, বিধায়ক ৰূপক শৰ্মাৰ পত্নী নৱনীতা শৰ্মা, অভিনেতা পবিত্ৰ কলিতাকে প্ৰমূখ্য কৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে ।

উল্লেখযোগ্য যে অনুষ্ঠানত প্ৰয়াত অভিনেতা অজিত শৰ্মা, প্ৰয়াত অধিবক্তা-অভিনেতা মহেশ দাস আৰু প্ৰয়াত পুলিন শইকীয়াকে ধৰি কেইবাজনো প্ৰয়াত বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি স্মৃতিচাৰণ কৰা হয়।

স্মৃতিচাৰণ অনুষ্ঠানত শিল্পী কৃষ্ণমণি নাথ আৰু বীণাপাণি নাট্য মন্দিৰৰ কাৰ্যকৰী সভাপতি পূৰ্ণ শৰ্মাই অজিত শৰ্মাকে ধৰি প্ৰয়াত ব্যক্তি সকলৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। শিল্পী কৃষ্ণমণি নাথে অজিত শৰ্মাৰ ভ্ৰাম্যমাণ নাটকৰ মঞ্চৰ সাৱলীল অভিনয় আৰু তেওঁ এগৰাকী সঁচা অৰ্থত শিল্পী আছিল সেই কথা উল্লেখ কৰে । অনুষ্ঠানত প্ৰায় দুই শতাধিক লোক উপস্থিত থাকি নাট্যানুষ্ঠান উপভোগ কৰে ।

Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

nagaon bebejiya