/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/630de228-d9f9-4c99-aad5-911066bb1318/newph.jpg)
ডিজিটেল ডেস্ক : জাতীয় স্বাভিমান আৰু জাতীয় চেতনাৰে উদ্বুদ্ধ, শিৱসাগৰৰ অগ্রণী ব্যক্তি প্ৰণৱজিৎ (ৰামু) চলিহাৰ বিয়োগত আম আদমি পার্টীয়ে গভীৰ শোক প্রকাশ কৰে। সমাজকৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা ৰামু চলিহাৰ বিয়োগত আপ অসমে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c29d33d5-33ad-4cf6-a76a-455a9fb1357f/d1340887_3684_4bf8_ba13_554fad4a7b31.jpg)
এক শোকবার্তাযোগে 'আপ'ৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে প্ৰণৱজিৎ চলিহাৰ মৃত্যুত 'আমি হাড়ে-হিমজুৱে জাতীয়তাবোধ সম্পন্ন এগৰাকী স্বাভিমানী অসমীয়াক হেৰুৱালোঁ' বুলি উল্লেখ কৰে। লগতে উল্লেখ কৰে যে, ঐতিহাসিক অসম আন্দোলনতো আগভাগ লোৱা চলিহাৰ জাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা আৰু দায়বদ্ধতা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। তেওঁৰ মৃত্যু জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি।
Also Read: খাগৰিজান মহাবিদ্যালয়ৰ ৫২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন