/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/6f036981-3d1d-4a49-bc8a-46f6969fae19/83.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। বুধবাৰে মহাবিদ্যালয়ৰ উদ্যোগত ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱ্যবৰণ অনুষ্ঠানটি উলহ-মালহেৰে পালন কৰা হয়।
পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে। শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰে খাগৰিজান মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ চেলিমা চুলতানা খণ্ডকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b6eb03ba-b0a4-46f3-861a-e442fd89cdb0/bf2ffd7e_d7b8_4e83_815c_b600cc131419.jpg)
ইয়াৰ পিছতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ এখনি চিনাকি চ'ৰা অনুষ্ঠিত হয়। দুপৰীয়া অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিকমল হাজৰিকাই।
হাজৰিকাই নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক অগ্ৰগতিৰ দিশৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্রাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। তেওঁ ছাত্ৰ -ছাত্ৰীসকলক উদ্দেশ্যি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।
সভাখনৰ আঁত ধৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ জোনাৰাম নাথে। সভাত মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ চেলিমা চুলতানা খণ্ডকাৰৰ লগতে মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
বিয়লি নৱাগত আদৰণি সভাখনৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে মুখ্য অতিথি হিচাপে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে অসমৰ উদীয়মান কণ্ঠশিল্পী পৱন কুমাৰ দাসে।
Also Read: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ : নিহত ৩ নিৰাপত্তাৰক্ষী