ন্যায় যাত্রাত অংশগ্রহণকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰা কাৰ্য্যক গৰিহণা আপৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ চৰকাৰৰ এইয়া স্বৈৰাচাৰী, অগণতান্ত্রিক শাসন ব্যৱস্থা : সভাপতি ডাঃ ভবেন চৌধুৰী

author-image
Asomiya Pratidin
New Update
ভাৰত জোড়ো ন্যায় যাত্ৰাত আৰক্ষীৰ লাঠিচালনাক গৰিহণা কা বিৰোধী সমন্বয় সমিতি...

ডিজিটেল সংবাদ,গুৱাহাটী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্র দেশজুৰি হৈ থকা 'ভাৰত জোড়ো ন্যায় যাত্রা' কার্যসূচীত গুৱাহাটীত মঙলবাৰে আম আদমি পার্টীৰ অসমৰ শতাধিক নেতা-কর্মীয়ে অংশগ্রহণ কৰে। শান্তিপূর্ণভাৱে চলি থকা এই যাত্রা আগবাঢ়ি যোৱাত অসম আৰক্ষীৰ বাধাৰ সন্মুখীন হোৱাৰ লগতে আৰক্ষীৰ প্ৰহাৰত দলটোৰ কেইবাজনো কর্মী আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হয়।

Advertisment

গণতান্ত্রিক যাত্রাত এনে অগণতান্ত্রিকভাৱে জনতাৰ ওপৰত আৰক্ষীয়ে কৰা অত্যাচাৰক আম আদমি পার্টীয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে। এক প্ৰেছ বিবৃতিযোগে দলটোৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ চৰকাৰৰ এইয়া স্বৈৰাচাৰী, অগণতান্ত্রিক শাসন ব্যৱস্থা বুলি উল্লেখ কৰি নীৰিহ জনতাৰ ওপৰত লাঠি চলাই এই অমানুষিক অত্যাচাৰৰ বিৰুদ্ধে সমগ্র অসমবাসীক মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়।

Also Read: শিলচৰত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

aap himanta biswa sarma bharat jodo nyay jatra