শিলচৰত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

দুৰ্নীতিৰ আশ্ৰয় ল’ব বিচৰা যিকোনো লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ’ব। শাসকীয় দলৰ হ'লেও কাকো ৰেহাই দিয়া নহ'ব : উপাধ্যক্ষ ডাঃ নোমল মমিন

author-image
Asomiya Pratidin
New Update
শিলচৰত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

ডিজিটেল সংবাদ, শিলচৰ : খাদ্য সুৰক্ষাৰ অধীনত বিনামূলীয়া ৰেচন কাৰ্ডৰ‌ বিনিময়ত কোনোবাই ধন বিচাৰিলে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কোনোবাই যদি এনে প্ৰয়াস কৰে তেন্তে জিলা উপায়ুক্তক ততাতৈয়াকৈ খবৰ দিব । দুৰ্নীতিৰ আশ্ৰয় ল’ব বিচৰা যিকোনো লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হ’ব। শাসকীয় দলৰ হ'লেও কাকো ৰেহাই দিয়া নহ'ব। এই মন্তব্য অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ।

Advertisment

মঙলবাৰে শিলচৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮,৮২২খন নতুন ৰেচন কাৰ্ড বিতৰণৰ শুভাৰম্ভ কৰি এই মন্তব্য কৰে নোমল মমিনে। শিলচৰ টাউন ক্লাব খেলপথাৰত আয়োজিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লয় উপাধ্যক্ষ নোমল‌ মমিনে।

এই ৮,৮২২খন নতুন ৰেচন কাৰ্ডৰে শিলচৰ সমষ্টিৰ মুঠ ৫৪ হাজাৰ গৰাকী হিতাধিকাৰী উপকৃত হ'ব। কাৰ্ড হল্ডাৰসকলে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত বছৰি ৫ লাখ টকাৰ চিকিৎসা সাহায্য আৰু বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰীৰ উজ্বলা আঁচনিৰ গেছ চিলিণ্ডাৰ লাভ কৰিব বুলিও মন্তব্য কৰে মমিনে।‌ অনুষ্ঠানত শিলচৰৰ সাংসদ ডা০ ৰাজদীপ ৰয় আৰু বিধায়ক দিপায়ন চক্ৰৱৰ্তীয়েও ভাষণ প্ৰদান কৰে।

Also Read: জামুগুৰিহাটৰ জেৰোচালিম গাঁৱত গীৰ্জা ঘৰৰ শুভ উদ্বোধন

Silchar Dr. Nomal Momin ration card