আপ, অসমৰ উপ-সভাপতি জিতুল ডেকা, মুখপাত্ৰ সুশান্ত নাথে এৰিলে দল...

বিজেপিত যোগদানৰ সম্ভাৱনা

author-image
Asomiya Pratidin
New Update
আপ, অসমৰ উপ-সভাপতি জিতুল ডেকা, মুখপাত্ৰ সুশান্ত নাথে এৰিলে দল...

আপ, অসমৰ উপ-সভাপতি জিতুল ডেকা, মুখপাত্ৰ সুশান্ত নাথে এৰিলে দল...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আপ, অসমত খহনীয়া। দলটোৰ দুগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতাই পদত্যাগ কৰিছে। দলটোৰ উপ-সভাপতি জিতুল ডেকা আৰু ৰাজ্যিক মুখপাত্ৰ সুশান্ত নাথে কৰিলে পদত্যাগ।

Advertisment

উপ-সভাপতি জিতুল ডেকাই ৰাজ্যিক সভাপতিলৈ লিখা চমু পদত্যাগ পত্ৰত বিশেষ কাৰণবশতঃ আপ, অসমৰ দলীয় সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্য পদত ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে।

ইফালে চৰ্চা অনুসৰি এই দুই নেতাই শাসকীয় বিজেপি দলত যোগদান কৰিব। ইতিমধ্যে বিজেপি সভাপতি ভৱেশ কলিতাই পুনৰ দলটোৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল। এই যোগদান কাৰ্যসূচীতে কংগ্ৰেছকে ধৰি একাধিক ৰাজনৈতিক দলৰ নেতাই আহি বিজেপিত যোগদান কৰাৰ কথা আছিল। সেই অনুসৰি জিতুল ডেকা আৰু সুশান্ত নাথে এই যোগদান কাৰ্যসূচীতেই বিজেপিত চামিল হোৱাৰ সম্ভাৱনা আছে।

Also Read: আজি ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকঃ উপস্থিত থাকিব প্ৰতিগৰাকী প্ৰাৰ্থী...

লোকসভা নিৰ্বাচন আপ অসম