ৰাজ্যত অবৈধ কয়লাখননৰ বিৰুদ্ধে সোচ্চাৰ আপ...

লিডুত শ্ৰমিকৰ মৃত্যুই প্ৰমাণ কৰিলে মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ.

author-image
Asomiya Pratidin
New Update
ৰাজ্যত অবৈধ কয়লাখননৰ বিৰুদ্ধে সোচ্চাৰ আপ...

প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল সংবাদ গুৱাহাটীঃ "অসম চৰকাৰে ৰাজ্যখনত অব্যাহত থকা অবৈধ কয়লাখনন বন্ধ কৰিব পৰা নাই। চৰকাৰৰ আশীৰ্বাদ পুষ্ট লোকেই লিডু-মাৰ্ঘেৰিটাত কয়লা চিণ্ডিকেট চলাই আছে। টিককত ৰেট হোল মাইনিঙত মেঘালয়ৰ দুজন শ্ৰমিক নিখোজ হোৱাৰ ১৪ দিন পাছত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ৰাজ্যৰ কয়লাখননৰ ভয়ংকৰ ছবি উদঙাই দিছে।"

Advertisment

আজি আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে অবৈধ কয়লাখনন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে এনেদৰে সৰৱ হয়। আপৰ নেতাগৰাকীয়ে কয় যে, যোৱা ১ জুন তাৰিখেও নেপালৰ পৰা আহি কয়লাখননত জড়িত হোৱা এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল। ৰাজ্যখনত অবৈধ কয়লাখনন চৰকাৰে বন্ধ কৰিব পৰা নাই। বিপৰীতে কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত অবৈধ কয়লা চিণ্ডিকেট চলি থকাৰ কথাটোৱেই নস্যাৎ কৰিছিল।

আপ অসমৰ সভাপতি গৰাকীয়ে কয় যে, শেহতীয়াভাৱে লিডু - মাৰ্ঘেৰিটাৰ কয়লাক্ষেত্ৰ শ্ৰমিকসকলৰ বাবে মৃত্যু উপত্যকাত পৰিণত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাস্তৱ সত্য উপলদ্ধি কৰি এয়া নিয়ন্ত্ৰণ কৰা উচিত। আপৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে নিহত শ্ৰমিকৰ পৰিয়াললৈ এক কালীন অৰ্থ সাহায্য আগবঢ়াবলৈ ৰাজ্য চৰকাৰক দাবী জনায়।

Also Read: ৰঙিয়াৰ ধুহিত ভয়াবহ অগ্নিকাণ্ড...

অবৈধ কয়লাখনন আপ অসম