/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6af31135-253e-4838-9ec7-f8763231e91a/fire_10.jpg)
ৰঙিয়াৰ ধুহিত ভয়াবহ অগ্নিকাণ্ড...
ডিজিটেল সংবাদ ৰঙিয়াঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ধুহিত আজি দিনৰ ভাগত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত দুটাকৈ পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠানসহ বাসগৃহ নিমিষতে পৰিণত হয় ধ্বংসস্তুপত। ঘটনাৰ বিৱৰণী অনুসৰি আব্দুল হামিদ আৰু মজিবৰ ৰহমান নামৰ লোক দুজনৰ গৃহত অগ্নিকাণ্ড সংঘটিত হয়৷
জুইৰ লেলিহান শিখা দেখি গাওঁবাসীয়ে তৎপৰতাৰে নিৰ্বাপিত কৰিবলৈ চেষ্টা চলায়। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ লোক তিনিখনকৈ বাহনৰে ঘটনাস্থলীত উপস্থিত হৈ সম্পূৰ্ণৰূপে জুই নিৰ্বাপন কৰে৷
Also Read: মোডী মন্ত্ৰীসভাত কোনে পালে কি কি বিভাগ? চাওঁক সম্পূৰ্ণ তালিকা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us