চাকমা, হাজং শৰণাৰ্থী অসমত সংস্থাপনৰ বিৰোধিতাৰে আপৰ প্ৰতিবাদ...

বিজেপি চৰকাৰৰ জাতি ধ্বংসী সিদ্ধান্তক মানি নলয় আপে
চাকমা, হাজং শৰণাৰ্থী অসমত সংস্থাপনৰ বিৰোধিতাৰে আপৰ প্ৰতিবাদ...
চাকমা, হাজং শৰণাৰ্থী অসমত সংস্থাপনৰ বিৰোধিতাৰে আপৰ প্ৰতিবাদ...

ডিজিটেল ডেস্কঃ মহানগৰীৰ গণেশগুৰিত আজি আম আদমী পাৰ্টিৰ স্বেচ্ছাসেৱকসকলে দাহ কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ প্ৰতিমূর্তি। অৰুণাচলত বসবাস কৰা চাকমা-হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপনৰ বিৰোধিতাৰে আপ, অসমৰ স্বেচ্ছাসেৱকসকলে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

অসমৰ সচেতন জনসাধাৰণে চৰকাৰৰ এই জাতি ধ্বংসী সিদ্ধান্ত কোনো পধ্যেই মানি নলয় বুলি বিজেপি নেতৃত্বাধীন কেন্দ্রীয় তথা ৰাজ্য চৰকাৰক সকীয়াই দিয়ে আপৰ নেতা কর্মীসকলে। প্রায় এঘণ্টা ধৰি প্রতিবাদত উত্তাল হয় গণেশগুৰিৰ ট্রেফিক পইন্ট।

আপৰ প্ৰতিবাদ কাৰীসকলক আৰক্ষীয়ে বাধা প্রদান কৰে। আৰক্ষীৰ প্ৰতিৰোধৰ মাজতে আপ, অসমৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়, " বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। যি সময়ত অসমৰ থলুৱা ভূমিহীন কৃষকক চৰকাৰে সংস্থাপিত কৰিব পৰা নাই, যি সময়ত আমাৰ যুৱক যুৱতীসকলে কর্মসংস্থান লাভৰ পৰা বঞ্চিত হৈছে, চৰকাৰে থলুৱা নাগৰিকক সুৰক্ষা প্রদানত ব্যর্থ হৈছে, সেই সময়ত অৰুণাচল প্ৰদেশৰ পৰা চাকমা হাজং শৰণাৰ্থীসকলক আনি অসমত সংস্থাপন দিব বিচাৰিছে। আম আদমী পার্টিয়ে চৰকাৰৰ এই অসম বিৰোধী অভিসন্ধি কোনো পধ্যেই মানি নলয়।"

আপৰ নেত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্রী কিৰেন ৰিজিজুৰ লগতে গৃহমন্ত্রী অমিত শ্বাহৰ বিৰুদ্ধেও সৰৱ হয়। আজি আপৰ প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম, আপৰ মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়া, মহানগৰ সমিতিৰ সম্পাদক জিতু ডেকাৰ লগতে বহুকেইগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে।

চাকমা, হাজং শৰণাৰ্থী অসমত সংস্থাপনৰ বিৰোধিতাৰে আপৰ প্ৰতিবাদ...
চাকমা-হাজং শৰণাৰ্থীঃ অৰুণাচল ৰক্ষা পৰিব, অসমৰ কি হ'ব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in