আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ভৱেশ কলিতাইঃ জিতুল ডেকা

আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ভৱেশ কলিতাইঃ জিতুল ডেকা

author-image
Asomiya Pratidin
New Update
আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ভৱেশ কলিতাইঃ জিতুল ডেকা

আবোল-তাবোল বকিবলৈ আৰম্ভ কৰিছে ভৱেশ কলিতাইঃ জিতুল ডেকা

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত ৰঙিয়াত বিজেপিত যোগদান কৰাসকল আপৰ সদস্য নাছিল। তেওঁলোক আছিল ভাড়াতীয়া যুৱক। এই অভিযোগ আপ, অসমৰ যুটীয়া সমন্বয়ক জিতুল ডেকাৰ।

Advertisment

আজি আপ, অসমৰ ফালৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই অভিযোগ কৰিছে আপৰ ৰাজ্যিক নেতাগৰাকীয়ে।

তেওঁ কয়, যোৱা ২ এপ্ৰিলত গুৱাহাটীলৈ আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অহাৰ পিছৰে পৰা বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই আবোল-তাবোল মন্তব্য প্ৰকাশ কৰা দেখা গৈছে।

আপৰ পৰা এবছৰ পূৰ্বে অব্যাহতি দিয়া এজন যুৱকৰ সৈতে আন সমষ্টিৰ কেইগৰাকীমান ভাড়াতীয়া যুৱকক ৰঙিয়াৰ আপৰ সদস্য বুলি সংবাদ মাধ্যমৰ আগত থিয় কৰাই ভৱেশ কলিতাই তেওঁৰ উপস্থিতিত বিজেপিত যোগদান কৰা বুলি আপ সম্পৰ্কে ভুৱা কথা প্ৰচাৰ কৰি সস্তীয়া ৰাজনীতি কৰিছে।

তেওঁ কয়, দৰাচলতে এয়া বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ আপ সম্পৰ্কে মনত সৃষ্টি হোৱা ভয় আৰু উদ্বিগ্নতাৰ বহিঃ প্ৰকাশ। আপৰ ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা স্বাক্ষৰিত এই প্ৰেছ বিজ্ঞপ্তিত জিতুল ডেকাই স্পষ্টকৈ প্ৰকাশ কৰি কৈছে, ৰঙিয়াত ভৱেশ কলিতাই বিজেপিত যোগদান কৰোৱা লোক কেইজনৰ সৈতে আপৰ কোনো সম্পৰ্ক নাই।

Also Read: বেলতলাত ৬ দিনীয়া লোকনৃত্য কৰ্মশালা...

আম আদমী পাৰ্টী বিজেপি অৰবিন্দ কেজৰিৱাল