/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/cab4024f-4cf3-4168-be2b-b05b6b57e7c2/AP_FOR_WEB_bihu_.jpg)
বেলতলাত ৬ দিনীয়া লোকনৃত্য কৰ্মশালা...
ডিজিটেল ডেস্কঃ ৬ এপ্ৰিল, বৃহস্পতিবাৰৰ পৰা, গুৱাহাটীৰ বেলতলাস্থিত শংকৰদেৱ বিদ্যা নিকেতনত আৰম্ভ হৈছে এক লোক নৃত্যৰ কৰ্মশালা। নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত আৰু অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ-কল্যাণ পৰিষদৰ সহযোগত অনুষ্ঠিত হোৱা এই লোকনৃত্য কৰ্মশালা ১১ এপ্ৰিল, ২০২৩ পৰ্যন্ত অনুষ্ঠিত হ’ব।
আজি এই লোকনৃত্য কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত এছ এল এ চিৰ সদস্য সচিব গীতাৰ্থ গোস্বামী, জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ'ৰ অধ্যক্ষ বিদ্যাসাগৰ, প্ৰখ্যাত বিহুৱতী জুৰী গগৈ হাতীমৰীয়াকে ধৰি লোকসংস্কৃতিৰে জড়িত কেইবাজনো ব্যক্তি তথা প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/36afdf18-4faf-4a3e-8868-a2bff5067656/6155a404_a1b6_443a_894b_978c1c937dc2.jpg)
এই কৰ্মশালাত প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে বুলি আয়োজকসকলে জানিবলৈ দিছে। নিৰ্ধাৰিত আটাইকেইটা দিনতেই এই কৰ্মশালা বিয়লি ৩-৩০ বজাৰ পৰা ৫-৩০ বজালৈ অনুষ্ঠিত হ’ব। উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিকেই ফুলাম গামোচা আৰু একোটাকৈ গছপুলিৰে আদৰণি জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/045eb39e-6bf2-40df-b258-8fed1e3d9ef7/0b5df0ed_959c_4325_a956_e11364990a19.jpg)
ইফালে অনুষ্ঠানত সাংবাদিকৰ আগত ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে কয়, নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত যি লোকনৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে, এই কৰ্মশালাত অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱকল্যাণ পৰিষদে সহযোগ কৰিছে। কৰ্মশালাখন সুচাৰুৰূপে পৰিচালনা কৰাত সকলো ধৰণে সহায়, সহযোগিতা আগবঢ়াইছে। তেওঁ কয়, আমাৰ লোকনৃত্য, কৃষ্টি, সংস্কৃতি যাতে জীয়াই ৰাখিব পাৰো, নৱ প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰো তাৰেই এয়া এক প্ৰয়াস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1054652c-5fd4-48d7-a442-d8cb07cb86ba/e5eeeeb3_fa24_4be9_a7a5_7798d7cf1a3d.jpg)
আনহাতে নৱ সূৰুয ৱেলফেয়াৰ ফাউণ্ডেচনৰ সভানেত্ৰী সুকন্যা হাতীমূৰীয়াই কয়, এই কৰ্মশালা সম্পূৰ্ণ বিনামূলীয়া। অৱশ্যে কোনোৱে ইয়াৰ বাবে গুৰু দক্ষিণা আগবঢ়াব বিচাৰিলে আগবঢ়াব পাৰে।
তেওঁ কয়, কৰ্মশালাখনিৰ প্ৰশিক্ষক হিচাপে আছে ১৯৯৫ চনৰ বিহু সম্ৰাজ্ঞী জোনটি গগৈ, বিহু সম্ৰাজ্ঞী পম্পী হাজৰিকা, ২০১০ ৰ বিহুৰাণী জুতিকা পাটৰ। সকলো দিশ চোৱাচিতা কৰিবলৈ আছে প্ৰখ্যাত বিহুৱতী জুৰি গগৈ।
Also Read: বিশ্বকাপ খেলিব পাৰিবনে ঋষভ পণ্টে? ক'লে কেতিয়া সম্পূৰ্ণৰূপে সুস্থ হ'ব...