ভকত-বৈষ্ণৱৰে মত বিনিময় আপ,অসমৰ সভাপতি ভবেন চৌধুৰীৰ

ভকত-বৈষ্ণৱৰে মত বিনিময় আপ,অসমৰ সভাপতি ভবেন চৌধুৰীৰ

ডিজিটেল সংবাদ,গুৱাহাটী : ৰঙিয়া মৰাণজানা ভয়ৰা হাতীখলা পথাৰৰ শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্রত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত উপস্থিত হয় আম আদমি পার্টীৰ অসম ৰাজ্যিক সভাপতি তথা দলটোৰ সদ্যঘোষিত লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ প্রার্থী ডাঃ ভবেন চৌধুৰী।

অধিৱেশনত উপস্থিত থাকি সভাপতিগৰাকীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাপ-বান্ধৱ তথা আই মাতৃ সকলৰ খা-খবৰ লয়। ডাঃ ভবেন চৌধুৰীয়ে পৰম কৃপালু জগতগুৰু শ্রীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰে অনুপ্রাণিত হোৱা, মহাপুৰুষীয়া সংস্কৃতিৰ বাহক তথা উত্তৰ পূৰ্বাঞ্চলৰ সর্ববৃহৎ ধর্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ সফলতা কামনা কৰে।

ভকত-বৈষ্ণৱৰে মত বিনিময় আপ,অসমৰ সভাপতি ভবেন চৌধুৰীৰ
শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত অঘটন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in