শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত অঘটন

শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত পুনৰ সংঘটিত হয় অঘটন ।

author-image
Asomiya Pratidin
New Update
কোলাপথাৰ লখিমীনগৰত গাঁও উন্নয়ন সমিতি গঠন...

AGRANI KHABAR

ডিজিটেল সংবাদ, তামুলপুৰঃ শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত পুনৰ সংঘটিত হয় অঘটন । বোমা-বাৰুদৰ অৱশিষ্ট বুটিবলৈ গৈ ম়ত্যু হয় যুৱকৰ। ভাৰতীয় সেনাৰ নিয়মীয়া বোমা বাৰুদৰ প্ৰশিক্ষণৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ নিহত যুৱক গৰাকীৰ নাম লক্ষ্মীৰাম চৰেন (৩২)। মৃত যুৱকগৰাকীৰ ঘৰ বাক্সা জিলাৰ উত্তৰকুছি (জ্বালাবস্তী)ত ৷

Advertisment

এই ঘটনাতে আঘাতপ্ৰাপ্ত হৈছে আন এজন যুৱক। আঘাতপ্ৰাপ্ত যুৱকজন হৰতোলা গাঁৱৰ জিৰা হাজদা। বোমা -বাৰুদৰ অৱশিষ্ট বুটলিব গৈছিল দুয়োজন যুৱক।

৮১ মৰ্টাৰ বিস্ফোৰন হৈ চিটিকি পৰা অৱশিষ্টৰ বাবে মৃত্যু হয় যুৱক গৰাকীৰ। উল্লেখযোগ্য যে এই বৃহত্তৰ অঞ্চলটোত এচাম স্থানীয় লোকে সেনাৰ প্ৰশিক্ষণ অন্তত বা চলি থাকোতে জীৱনক তুচ্ছ কৰি মৰণক শৰন দি বোমা বাৰুদৰ অৱশিষ্ট বিচাৰি প্ৰতিদিনে তাত উপস্থিত হয় ৷ পাহৰত খান্দি হ'লেও বোমাৰ অৱশিষ্ট উলিয়াই তাক ব্যৱসায়ীৰ হাতত বিক্ৰী কৰি দি জীৱন নিৰ্বাহ কৰি আহিছে ৷ ইয়াৰোপৰি দুদিন পূৰ্বে একেই ঘটনা সংঘটিত হৈ মৃত্যু হয় খেম্পো নাৰ্জাৰী নামৰ লোকজনৰ ৷

এই ফায়াৰিংৰেঞ্জক লৈ একাংশ লোকে এনেদৰে বোমা বাৰুদৰ অৱশিষ্ট সংগ্ৰহ কৰে আৰু বিক্ৰী কৰে ৷ ইয়াক লৈয়ে পূৰ্বৰ পৰা চলি আহিছে এখন বৃহৎ বজাৰ ৷ আনহাতে ফায়াৰিংৰেঞ্জক লৈ এতিয়া যেন এক মৃত্যু উপত্যকাত পৰিনত হৈছে সমগ্ৰ শুকানজুলি পাহাৰপুৰ অঞ্চল ৷ প্ৰশাসনে বোমা-বাৰুদৰ বোহা বন্ধ কৰিছিল যদিও সম্প্ৰতি অব্যাহত আছে বোমা বাৰুদৰ অৱশিষ্টক লৈ এই বেহা ৷

Also Read: কলিয়াবৰত ২৭তম "উৰছ মোবাৰক মহোৎসৱ" উদযাপন

tamulpur