/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e7649edb-8ea0-43b1-82b1-2f36badc04d7/33.jpg)
ডিজিটেল ডেস্ক: ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত হোৱা ব্যক্তিসকলৰ আত্মাৰ সদগতিৰ কামনাৰে সোমবাৰে সন্ধিয়া আম আদমি পার্টীয়ে শতাধিক কর্মকর্তাই গণেশগুৰিত বস্তি প্রজ্বলনেৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে আজি ১৫ বছৰে বঞ্চিত ভূক্তভোগীৰ পৰিয়াল। ইমান বছৰে ভুক্তভোগীসকলক সংস্থাপন দিব নোৱাৰাতো অত্যন্ত দুর্ভাগ্যজনক। শাৰীৰিকভাৱে সক্ষম লোকক বাবে সংৰক্ষিত আসনৰ ভিত্তিত তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। গণেশগুৰিত সোমবাৰে দলটোৱে অভিশপ্ত দিনটোত মৃত্যুক সাবটি লোৱা প্ৰতিগৰাকীৰ আত্মাৰ সদগতিৰ কামনা কৰি প্ৰাৰ্থনা জনায়।
Also Read: ভাষাচাৰ্য টাবুৰাম টাইদৰ জন্মভূমিত উন্মোচিত হ'ব সুদৃশ্যমান প্ৰতিমূৰ্ত্তি