ভাষাচাৰ্য টাবুৰাম টাইদৰ জন্মভূমিত উন্মোচিত হ'ব সুদৃশ্যমান প্ৰতিমূৰ্ত্তি

ভাষাচাৰ্য টাবুৰাম টাইদৰ জন্মভূমিত উন্মোচিত হ'ব সুদৃশ্যমান প্ৰতিমূৰ্ত্তি

ডিজিটেল সংবাদ, ঢকুৱাখনা: ভাষাতত্ববিদ, চিন্তাশীল লেখক, শিক্ষাবিদ আৰু সুশিক্ষা প্ৰশাসক তথা অসমীয়া ভাষা সাহিত্যৰ এগৰাকী সুউজ্জ্বল নক্ষত্ৰ টাবুৰাম টাইদ। সোৱণশিৰীৰ অৱবাহিকাত কস্মিন কালেও নজহা নপমা সোণ হৈ জিলিকি ৰোৱা ঘূণাসুঁতি অয়েংগিয়া গাঁওৰ প্ৰয়াত উবাং টাইদ আৰু দেউটি টাইদৰ সুপুত্ৰ "ভাষাচাৰ্য" "আগম মৃগাং" টাবুৰাম টাইড।

মিচিং জনগোষ্ঠীয় ভাষা, সাহিত্য, লোক কৃষ্টিৰ পথাৰখনলৈ টাইদে আগবঢ়াই যোৱা অতুলনীয় অৱদানৰ প্ৰতিভূ স্বৰূপে অহা ৩১অক্টোবৰত জনগোষ্ঠীটোৰ পিতৃ পুৰুষগৰাকীৰ এক আৱক্ষ মূৰ্তি উন্মোচন কৰা হ'ব । মিচিং ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ প্ৰতি সদা সচেষ্ট টাইদৰ নৃগোষ্ঠীয় ভাষা  সাহিত্য, লোক নৃত্য, গীত বাদ্য আদিক ৰাষ্ট্ৰীয় ক্ষেত্রখনলৈ উত্তৰণ ঘটোৱাৰ বাবে আমৃত্যু ব্ৰতী হোৱা ভাষাচাৰ্য গৰাকীৰ জন্মভূমিৰ মিৰিজীয়ৰী মহাবিদ্যালয়ৰ চৌহদত নিৰ্মিত এই আৱক্ষ মূৰ্তি ৩১অক্টোবৰৰ পুৱা ১০ বজাত উন্মোচন কৰিব ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। 

কেবিনেট মন্ত্ৰী ডাঃ পেগুৰ লগতে মিচিং স্বায়ত্ব শাসিত পৰিষদৰো অৰ্থ সাহায্যৰে নিৰ্মিত প্ৰায় ৯ ফুট উচ্চতাৰ সুদৃশ্যমান প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে বহিঃ ৰাজ্যৰ এগৰাকী  প্ৰখ্যাত খনিকৰে।

১৯৪২ চনত ঘূণাসুঁতি আয়েংগীয়া গাঁওত জন্মগ্ৰহণ কৰা টাইদে ১৯৬৩ চনতে কলকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰাধা কৃষ্ণ মিছন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক আৰু পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অর্জন কৰি স্বজাতি আৰু স্বভূমিলৈ কঢ়িয়াই আনিছিল গৌৰৱ খ্যাতিৰ মেটমৰা সম্ভাৰ।

জনগোষ্ঠীয় সফল কৰ্মোদ্যমী নেতা তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ব্যক্তিগত প্ৰচেষ্টাত নিৰ্মিত এই আৱক্ষ মূৰ্তি উন্মোচনী অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, ইন্দিৰা চিন্তে কুম্বাং, মিচিং আগম কেবাংৰ সভাপতি হৰি নাৰায়ণ পেগু, সাধাৰণ সম্পাদক সুমেশ্বৰ কপ্তাক , মিচিং বানে কৌবাংৰ সভাপতি পৰমানন্দ চায়েঙিয়া, টাকাম মিচিং পৰিণ কৌবাংৰ সভাপতি তিলক দলে ,সম্পাদক চান পাংগিং , টি এম এম কেৰ কেন্দ্ৰীয় সভানেত্ৰী শৰ্মিলা পায়েং আৰু সম্পাদিকা গীতাঞ্জলি বড়ি  আদিকে প্ৰমুখ্য কৰি সকলো জাতীয় সংগঠনৰ কেন্দ্ৰীয় জিলা  আঞ্চলিক নেতৃবৰ্গ আৰু  ভাষাচাৰ্য গৰাকীৰ পৰিয়াল পৰিজন বহু কেইগৰাকী বিশিষ্ট সাহিত্যি ,ব্যক্তি উক্ত কাৰ্যসূচীত উপস্থিত থাকিব বুলি জানিব পৰা গৈছএ। এই সন্দৰ্ভত এখন উন্মোচনী সভাৰো আয়োজন কৰা হৈছে মিৰিজীয়ৰী মহাবিদ্যালয় চৌহদৰ উন্মোচনী থলীত।

মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক  সভাপতি, মিচিং ভাষাৰ অভিধান, ব্যাকৰণৰ প্ৰণেতা, সাহিত্যিক পেঞ্চনাৰ, চ্যুকাফা বঁটা প্ৰাপক, অৱনৰী দগনৌ উপাধিৰে বিভূষিত প্ৰাতঃস্মৰণীয় ব্যক্তি গৰাকীৰ আৱক্ষ মূৰ্তি মঙলবাৰে আগবেলা উন্মোচন কৰা হ'ব। জনগোষ্ঠীটোৰ প্ৰবাদ পুৰুষ গৰাকীৰ সশ্ৰদ্ধ স্মৰণত আয়োজিত এই অনুষ্ঠানত সৰ্ব শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হৈছে ।

ভাষাচাৰ্য টাবুৰাম টাইদৰ জন্মভূমিত উন্মোচিত হ'ব সুদৃশ্যমান প্ৰতিমূৰ্ত্তি
৪ নৱেম্বৰত কাজিৰঙা ভ্ৰমণ কৰিব ভূটানৰ ৰজাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in