টোলগেটৰ বিৰোধিতা আপ অসমৰ...

ৰাজ্যত ৯ খন টোলগেট কাৰ্যকৰী হৈ থকাৰ বিপৰীতে নতুনকৈ ১৮ খন টোলগেট স্থাপনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক তীব্ৰ বিৰোধিতা কৰিছে আম আদমী পাৰ্টী অসমে

author-image
Asomiya Pratidin
New Update
টোলগেটৰ বিৰোধিতা আপ অসমৰ...

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ নিৰ্মাণ হ'ব লগা টোলগেট প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে আম আদমি পাৰ্টি অসমে সংবাদ মাধ্যমলৈ প্ৰৰণ কৰিলে প্ৰেছ বিবৃতি। বিবৃতিটোৰ যোগে দলটোয়ে ৰাজ্যত নতুনকৈ স্থাপন হ'ব লগীয়া টোলগেটক বিৰোধীতা কৰে।

Advertisment

উল্লেখ্য যে, ৰাজ্যত ৯ খন টোলগেট কাৰ্যকৰী হৈ থকাৰ বিপৰীতে নতুনকৈ ১৮ খন টোলগেট স্থাপনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক তীব্ৰ বিৰোধিতা কৰিছে আম আদমী পাৰ্টী অসমে।

বিবৃতিটোত লগতে কোৱা হয় যে, চৰকাৰে প্ৰায় প্ৰতিবিধ বস্তু যেনে- ঔষধ, পৌৰ কৰ, বৃদ্ধি মাচুল আদি বৃদ্ধি কৰি ইতিমধ্যেই জনসাধাৰণক আৰ্থিক ভাৱে জুৰুলা কৰিছে। ইয়াৰ পিছত টোলগেট বৃদ্ধি কৰি সাধাৰণ ৰাইজৰ যাতায়ততো বাধা আৰোপ কৰিব বিচাৰিছে। আনহাতে ইয়াৰ বিপৰীতে ৰাজ্যৰ বাট-পথৰ কোনো উন্নতি হোৱাৰ পৰিলক্ষিত হোৱা নাই।

Also Read: বেয়া দিন: তিনি কংগ্ৰেছী বিধায়কৰ পদত্যাগ...

aam admi party