ৰিজিজুৱে শ্ৰুতলিপি দিব নেকি ন্যায়ালয়ে কি কৰিব !

গণতন্ত্ৰ মূলতঃ চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। বিধানমণ্ডল, ন্যায়পালিকা, কাৰ্যপালিকা আৰু সংবাদ মাধ্যম।এই চাৰি স্তম্ভৰ সকলোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।এই চাৰিটা স্তম্ভৰ সন্মিলিত কাৰ্যাৱলীয়েই গণতান্ত্ৰক শক্তিশালী কৰি ৰাখে।
ৰিজিজুৱে শ্ৰুতলিপি দিব নেকি ন্যায়ালয়ে কি কৰিব !

তুষাৰ প্ৰতিম

গণতন্ত্ৰ মূলতঃ চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। বিধানমণ্ডল, ন্যায়পালিকা, কাৰ্যপালিকা আৰু সংবাদ মাধ্যম।এই চাৰি স্তম্ভৰ সকলোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।এই চাৰিটা স্তম্ভৰ সন্মিলিত কাৰ্যাৱলীয়েই গণতান্ত্ৰক শক্তিশালী কৰি ৰাখে।

চাৰিওটা স্তম্ভৰে সু-পৰিচালনাতেই গণতন্ত্ৰৰ ভেটি মজবুত হয়। শেহতীয়াকৈ দেশত এই চাৰি স্তম্ভৰ মাজত সন্মিলিত কাৰ্যাৱলীৰ মাজত যেন সৃষ্টি হৈছে অৰিয়াঅৰি। দেশৰ আইন মন্ত্ৰীয়ে প্ৰায় প্ৰতিদিনেই ন্যায়িক ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

এই ন্যায়িক ব্যৱস্থাৰ সৈতে জড়িত সকলে আইন মন্ত্ৰীক সমালোচনা কৰাই নহয় তেওঁৰ বিৰুদ্ধে পত্ৰ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছে। কিছুদিন পূৰ্বে আইনমন্ত্ৰী কিৰেণ ৰিজিজুৱে এক অনুষ্ঠানত দেশৰ কেইজনমান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দেশবিৰোধী বুলি মন্তব্য কৰিছিল।

ইয়াৰ পাছতে সমালোচনাৰ সন্মুখীন হৈছিল দেশৰ আইনমন্ত্ৰীগৰাকী।তেওঁৰ বিৰুদ্ধে প্ৰায় ৩০০ গৰাকী অধিবক্তাই মুকলি পত্ৰ লিখি ক্ষমা বিচাৰিবলৈ আৰু তেওঁ উল্লেখ কৰা সেই বিতৰ্কিত বক্তব্যক উঠাই ল’বলৈ দাবী জনাইছিল।

সেই একেগৰাকী কিৰেণ ৰিজিজুৱে এইবাৰ উচ্চতম ন্যায়ালয়ে কি বিষয়ত সিদ্ধান্ত ল’ব অথবা নল’ব সেই বিষয়ে পৰামৰ্শ দিয়া কাৰ্যই এতিয়া পুনৰ বিতৰ্কৰ সূচনা কৰিছে।

দেশত এতিয়া সমলিংগ বিবাহৰ বিতৰ্ক চলি আছে। কেন্দ্ৰীয় চৰকাৰে সমলিংগ বিবাহক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠত উঠা এই বিষয়টোত ধাৰাবাহিক শুনানি চলি আছে।

তাৰ মাজতে চলি আছে বিতৰ্ক। কেন্দ্ৰিয় চৰকাৰৰ ফালৰ পৰা দেশৰ চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই এই বিষয়টো সংসদলৈ এৰি দিবলৈ আহ্বান জনাইছে। তাৰ মাজতে কিৰেণ ৰিজিজুৰ এক বক্তব্যই এতিয়া বিতৰ্কৰ সূচনা কৰিছে।

কিৰেণ ৰিজিজুৰ মতে সমলিংগ বিবাহৰ বিষয়টোত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয় সঠিক মঞ্চ নহয়। দেশৰ জনসাধাৰণে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে তেওঁ জনসধাৰণৰ হৈ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি প্ৰকাৰন্তৰে মন্তব্য কৰিছে।

কিৰেণ ৰিজিজুৰ মতে এনেধৰণৰ বিষয়বোৰত জনপ্ৰতিনিধিৰ সহমতত সিদ্ধান্ত গ্ৰহণ কৰা উচিত। সংসদ আৰু বিধানসভা সমূহত জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি থাকে। তেওঁলোকে এই বিষয়টোৰ ওপৰত চৰ্চা কৰিব পাৰে।

জন প্ৰতিনিধিয়ে নিজ এলেকাৰ লোকসকলৰ চিন্তাক তুলি ধৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপিঠীত থকা সমলিংগ বিবাহৰ বিষয়টো মাত্ৰ ৫ জন ব্যক্তিৰ সিদ্ধান্ত। তেওঁৰ মতে ৫ বুদ্ধিমান ব্যক্তিয়ে যিকোনো এটা বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁলোকে শুদ্ধ বুলি ভবাটোকেই চূড়ান্ত সিদ্ধান্ত হৈ পৰে।

মন কৰিবলগীয়া যে সমলিংগ বিবাহক ভাৰতৰ আইনে এতিয়াও স্বীকৃতি দিয়া নাই যদিও ক্ৰমান্বয়ে দেশত সমলিংগৰ বিবাহৰ ঢৌ উঠিছে। তাৰ মাজতে এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ।

পূৰ্বে ভাৰতত সমলিংগতাক অপৰাধ হিচাপে গণ্য কৰা হৈছিল। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৭ অধীনত এই বিষয়টোক অপৰাধ হিচাপে গণ্য কৰি আহিলেও ২০১৮ ত এই আইন প্ৰত্যাহাৰ কৰা হৈছে। তাৰ পাছতো সমলিংগ বিবাহ ধৰ্মিয় আৰু সামাজিক কাৰণত তথা কেন্দ্ৰিয় চৰকাৰৰ বিৰোধিতাৰ বাবে এই বিষয়টো স্পষ্ট হোৱা নাই।

সেয়ে উচ্চতম ন্যায়ালয়ৰ মজিয়াত থকা এই বিষয়টোৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে। উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহক এই পৰ্যন্ত স্বীকৃতি দিয়া নাই যদিও চৰকাৰে এই বিষয়টোত উচ্চতম ন্যায়ালয়ৰ পৰা বাদ দিব লাগে বুলি দাবী কৰিছে।

ভাৰত চৰকাৰে সমলিংগ বিবাহৰ বিৰোধিতা কৰি কৈছে, এই ব্যৱস্থা ভাৰতীয় পৰিয়াল ব্যৱস্থাৰ বিৰোধী। ভাৰতীয় আইন অনুসৰি পুৰুষ-মহিলাৰ মাজতহে বিবাহ সম্পন্ন হ’ব পাৰে।

এই অনুসৰিয়েই হিন্দু, মুছলমান, শিখকে ধৰি সকলো ধৰ্মীয় লোকৰ বিবাহৰ বাবে আছে আইন। ভাৰতত সমলিংগ বিবাহে আইনী স্বীকৃতি লাভ নকৰিলেও অৱশ্যে বিশ্বৰ প্ৰায় ৩০ খন দেশত সমলিংগ বিবাহে আইনী স্বীকৃতি লাভ কৰিছে।

এছিয়া মহাদেশত কেৱল টাইৱানে সমলিংগ বিবাহক স্বীকৃতি প্ৰদান কৰিছে। থাইলেণ্ডেও সমলিংগ বিবাহক স্বীকৃতি দিয়াৰ কথা বিচাৰ-বিবেচনা কৰি আহিছে। ছিংগাপুৰৰ সংসদে সমলিংগ বিবাহক স্বীকৃতি দিয়া নাই যদিও দুজন সমলিংগৰ মাজৰ যৌন সম্পৰ্কৰ মাজত থকা প্ৰতিবন্ধকতাক আঁতৰাই দিছে।

আমেৰিকাকে ধৰি বহু সংখ্যক পশ্চিমীয় ৰাষ্টই এই সমলিংগৰ বিবাহক আইনী স্বীকৃতি প্ৰদান কৰিছে। ভাৰতৰ সমাজ ব্যৱস্থা পশ্চিমীয়া দেশবোৰৰ তুলনাত বহু পৃথক। ভাৰতৰ সমাজব্যৱস্থা ৰক্ষণশীল যদিও লাহে লাহে ৰক্ষণশীলতাৰ শিকলিদাল চিঙি নতুন দিশৰ সন্ধান কৰিছে।

অৱশ্যে তাৰ মাজতে আধুনিকতাৰ নামত, পশ্চিমীয়া সভ্যতা, সংস্কৃতিক আকোৱালি লৈ আন এচামে নিজা ঐতিহ্য, পৰম্পৰা, সংস্কৃতিক আঁতৰাই অতি আধুনিকতাৰ গ্ৰাসত পৰিছে। সেয়ে হয়তো কিৰেণ ৰিজিজুৰ দৰে আইন মন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে একাংশ অভিজাত লোকৰ জীৱন ধাৰণৰ চখ হৈ পৰিছে সমলিংগ বিবাহৰ দৰে বিষয়বোৰ।

অৱশ্যে উচ্চতম ন্যায়ালয়ে কৈছে সমলিংগ বিবাহৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্কৰ ওপৰতো আছে আৱেগিক সম্পৰ্কৰ বান্ধোন। এই আৱেগিক সম্পৰ্কক নস্যাত কৰিব নোৱাৰি।

ভাৰতীয় সমাজ ব্যৱস্থাৰ বাবে নতুন বিষয় সমলিংগ বিবাহক উচ্চতম ন্যায়ালয়ে স্বীকৃতি দিয়ে নে নিদিয়ে সেয়া এটা পৃথক বিষয়। কেন্দ্ৰীয় চৰকাৰে এই বিবাহক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰা বিষয়টোও এটা পৃথক বিষয়।

কিন্তু এগৰাকী আইন মন্ত্ৰী হিচাপে কিৰেণ ৰিজিজুৰ দৰে ব্যক্তিয়ে সুযোগ বিচাৰি বাৰে বাৰে ন্যায়পালিকা আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো আজিৰ তাৰিখত কিমান সমিচীন? দেশৰ ন্যায়িক ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

ন্যায়পালিকাক ৰাজনৈতিক নেতাই, শাসনাধিস্ত চৰকাৰে নিজৰ মতে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ দৰে একাংশ ন্যায়াধীশে জনসাধাৰণৰ মাজত কিছু আশাৰ কিৰণ কঢ়িয়াই আনিছে।

বহু কেইটা বিষয়ত কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছে। তেনে সময়তে দেশৰ আইন মন্ত্ৰীয়ে ন্যায়াপালিকাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বিষয়টোক সহজ ভাৱে ল’ব পৰা নাই দেশৰ সচেতন মহলে।

এই কথা নিশ্চিত যে দেশৰ উচ্চতম ন্যায়ালয়, ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি ন্যায়াধীশসকলে কি কৰিব লাগে বা নালাগে ভালকৈয়ে জানে। তেওঁলোকক কোনো ৰাজনৈতিক নেতাই তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য তথা তেওঁলোকৰ লক্ষ্মণ ৰেখাৰ বিষয়ে সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই।

কিৰেণ ৰিজিজুৱেই হওক অথবা আন কোনোবা শক্তিশালী ৰাজনৈতিক নেতাই হওক, তেওঁলোকেহে নিজৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰিবলৈ চেষ্টা নকৰাটোহে দেশৰ বাবেই মংগল।

ৰিজিজুৱে শ্ৰুতলিপি দিব নেকি ন্যায়ালয়ে কি কৰিব !
ৰাহুল নহয়, মমতা-নীতিশৰ ওপৰতেই কেচিআৰৰ ভৰসা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in