মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ

আজিৰ সংবাদমেলত দীপাংকৰ কলিতাৰ লগতে মুখপাত্র ভাস্কৰজ্যোতি লেখাক, আমিৰ হুছেইন, বল্লভ পাত্ৰ আৰু মনিৰত্নম ডেকাও উপস্থিত থাকে
মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ

ডিজিটেল ডেস্কঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসক অকৰ্মণ্য মন্ত্ৰী আখ্যা আম আদমি পাৰ্টীৰ। দেওবাৰে এক সংবাদ মেলযোগে দলটোৱে মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী জনায়।

সংবাদ মেলখনত উল্লেখ কৰে যে যিসময়ত অসম চৰকাৰে প্ৰতিমাহৰ ১০ তাৰিখে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰীক ধন প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে,সেই সময়তে একাংশ কৰ্মচাৰী তথা ২০ সহস্ৰাধিক পঞ্চায়ত প্ৰতিনিধি মাহৰ পিছত মাহ নিজৰ প্ৰাপ্য দৰমহা বা মাননিৰ পৰা বঞ্চিত হৈ থকা বুলি উল্লেখ কৰে।

লগতে উল্লেখ কৰে যে ৰাজ্যত প্ৰায় ২১ সহস্ৰাধিক নিৰ্বাচিত প্ৰতিনিধি আছে আৰু ৰাজ্য চৰকাৰে ইয়াৰে জিলা পৰিষদৰ সদস্য,সভাপতিসকলৰ বাবে ৫ হাজাৰ,আঞ্চলিক সদস্যৰ বাবে ৩হাজাৰ আৰু গাঁও সদস্যৰ বাবে ২হাজাৰ টকা পাৰিতোষিক নিৰ্ধাৰণ কৰি দিছিল। পূৰ্বৰ চৰকাৰসমূহৰ দিনত পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে নিৰ্ধাৰিত পাৰিতোষিক প্রদান নকৰাত জীবিকাৰ তাড়নাত এইসকল প্রতিনিধি ব্যাপক অনিয়মত নিমজ্জিত হৈছিল যাৰ ফলত গোটেই পঞ্চায়তীৰাজ ব্যৱস্থাটো দুৰ্নীতিৰ অভিকেন্দ্ৰত পৰিণত হৈছিল।

২০২১ চনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই সকলো বিভাগ দুর্নীতিমুক্ত কৰাৰ লগতে সকলো দেনা-পাওনা মাহৰ ১০ তাৰিখে সম্পূৰ্ণ কৰাৰ নিশ্চিতি দিছিল। ২০২১-২২ বৰ্ষতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ২১৯ গৰাকী সহকাৰী অভিযন্তাক নিযুক্তি দিছিল। কিন্তু আজিকোপতি তেওঁলোকে স্থায়ীভাৱে দৰমহা লাভ কৰা নাই।

প্রথম ছমাহ কিছু পাৰিতোষিক লাভ কৰিছিল যদিও পাছত সেয়াও বন্ধ কৰি দিয়া হ'ল। ফলত ইয়াৰে ১১৯ গৰাকী নিযুক্তিপ্রাপ্তই চাকৰি বাদ দি অইন চাকৰিত যোগদান কৰিলে আৰু এতিয়া বাকী থকা সকলেও চাকৰি এৰিবলৈ সাজু হৈছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আনহাতে এম জি এনৰেগাকে ধৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ সৈতে জড়িত কেন্দ্ৰীয় আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে ২০২১ চনতেই অসম চৰকাৰক এক সুকীয়া আভিযান্ত্রিক কোষ গঠন কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল। কিন্তু বিভাগীয় মন্ত্রী ৰঞ্জিত দাসে নিজৰ সান্দহ খোৱা বালি তল যাব বুলিয়েই তেনে কোষ গঠন নকৰিল।

মন্ত্ৰী দাসে নিজৰ বিভাগীয় অভিযন্তাসকলক কাৰিকৰী কামসমূহৰ পৰা আঁতৰাই ৰাখি তেওঁলোকক নিয়োজিত কৰিছে অৰুণোদয়, বৃদ্ধ পেঞ্চন আদিৰ কামত আৰু কেন্দ্ৰীয় গাইডলাইন সম্পূৰ্ণৰূপে উলংঘা কৰি বিডিঅ'সকলৰ সৈতে লগ লাগি পঞ্চদশ বিত্তীয় আয়োগৰ আঁচনিসমূহৰ ধন উদৰস্থ কৰাৰ ফন্দি ৰচনা কৰিছে। এই কাম-কাজসমূহে ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া বৰ্ষপূর্তিৰ প্ৰাক মূহূৰ্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ চূড়ান্ত ব্যৰ্থতাকে প্রতিপন্ন কৰিছে বুলি উল্লেখ।

দেশৰ ভিতৰতে অন্যতম পাৰদৰ্শী বুলি দাবী কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে এজন ব্যর্থ মন্ত্ৰীক অতি শীঘ্ৰে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাই আম আদমি পাৰ্টীয়ে। আজিৰ সংবাদমেলত দীপাংকৰ কলিতাৰ লগতে মুখপাত্র ভাস্কৰজ্যোতি লেখাক, আমিৰ হুছেইন, বল্লভ পাত্ৰ আৰু মনিৰত্নম ডেকাও উপস্থিত থাকে।

মন্ত্ৰী ৰঞ্জিত দাসৰ পদত্যাগৰ দাবী আম আদমি পাৰ্টীৰ
অৱশেষত ক্ষমা বিচাৰিলে ঠিকাদাৰ নিৰ্মল কুমাৰ ম'ৰে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in