/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/dc6675ae-53ba-462a-ab56-fe010e406df2/AP_FOR_WEB_1.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত ক্ষমা খুজিলে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল কুমাৰ ম'ৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাযোগে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল কুমাৰ ম'ৰে ক্ষমা বিচাৰে।
উল্লেখ্য যে বিতৰ্কিত ঠিকাদাৰজনে দুদিন পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী স্থানীয় নেতাক চৰ শোধাইছিল। এই কাণ্ডৰ পাছতেই ঠিকাদাৰজনক বিভিন্ন দল-সংগঠনৰ লগতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই সকিয়নী প্ৰদান কৰিছিল।
ইয়াৰ পাছতে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল কুমাৰ ম'ৰে আত্মগোপন কৰি কোনো অজ্ঞাত স্থানৰ পৰা সংগঠনটোৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰে। অৱশ্যে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম'ৰক সহজে ক্ষমা কৰি দিয়া নহয় বুলি মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
Also Read: ব'হাগৰ বিয়লি মুক্ত প্ৰকৃতিৰ আশ্ৰয়ত এজাক বগলী
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us