চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ দাবী আম আদমি পাৰ্টীৰ

কেঁচা চাহপাতৰ নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণৰো দাবী

author-image
Asomiya Pratidin
New Update
চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ দাবী আম আদমি পাৰ্টীৰ

চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ দাবী আম আদমি পাৰ্টীৰ

ডিজিটেল সংবাদ গুৱাহাটীঃ অসমৰ ২০০ বছৰীয়া চাহ শিল্পই যোৱা বছৰবোৰত হেৰুওৱা ইয়াৰ আকৰ্ষণীয়তাক পুনৰুদ্ধাৰ কৰিবৰ বাবে আম আদমি পাৰ্টীয়ে চৰকাৰৰ ওচৰত দাবী জনায়। ব্ৰিটিছ পুঁজিপতিৰ পৰা দেশীয় ধনাঢ্যৰ হাতলৈ চাহ বাগিচাৰ মালিকীস্বত্ব গৈ বৰ্তমান ক্ষুদ্ৰ চাহ খেতিয়কে অসমত উৎপাদিত চাহৰ বৃহৎ অংশ উৎপাদন কাৰ্যত জড়িত হৈছেগৈ।

এনে বিৱৰ্তনৰ মাজেৰে অহা এই শিল্পৰ উদগতিৰ বাবে চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ই সংকটত পৰিছে। আম আদমি পাৰ্টীয়ে কেঁচা চাহপাতৰ নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে চাহক ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

চাহ উদ্যোগৰ লগত জড়িত হৈ থকা চাহ-শ্ৰমিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত দেশ স্বাধীন হোৱাৰ ৭৬ বছৰৰ পাছতো একো কৰা হোৱা নাই। অতি পৰিতাপৰ কথা যে শ শ হেক্টৰ বিস্তৃত হৈ থকা চাহ বাগিচাৰ মাজত শ্ৰমিকসকলৰ বাবে কোনো প্ৰস্ৰাৱগাৰ বা শৌচাগাৰৰ ব্যৱস্থা আজি পৰ্যন্ত হোৱা নাই। এনে দিশত চৰকাৰক চকু দিবলৈও আপ অসমে চৰকাৰক আহ্বান জনায়।

Also Read: 'নগাঁৱত বিজেপি প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে'- ৰাজেন গোঁহাই বিস্ফোৰণ...

চাহ আপ