'নগাঁৱত বিজেপি প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে'- ৰাজেন গোঁহাই বিস্ফোৰণ...

'এই বয়সত মই হাৰিবৰ বাবে নিৰ্বাচন নেখেলো'

author-image
Asomiya Pratidin
New Update
'নগাঁৱত বিজেপি প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে'- ৰাজেন গোঁহাই বিস্ফোৰণ...

'নগাঁৱত বিজেপি প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে'- ৰাজেন গোঁহাই বিস্ফোৰণ

ডিজিটেল সংবাদ নগাঁও: 'নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে।' লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত এই বিস্ফোৰক মন্তব্য বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী ৰাজেন গোঁহাইৰ।

Advertisment

আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত গোহাঁইয়ে নগাঁও লোকসভা সমষ্টিৰ জনগাঁথনি চাই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব নোৱাৰে বুলি মন্তব্য কৰি কয় যে, 'নগাঁও সমষ্টিটোত যি জনসংখ্যা গাঁথনি আছে, সেই ফালৰ পৰা সম্ভৱ নহয়। অৱশ্যে ভোট বিভাজনৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব। ভোট বিভাজন কিমান দূৰ হয়, কেনেকৈ হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে মনোনয়ন দাখিলৰ পাছতহে সেইটো গম পোৱা যাব।'

লগতে তেওঁ এই বয়সত হাৰা ইলেকচন নেখেলো বুলি প্ৰকাশ কৰি কয়- 'নগাঁৱত মই প্ৰাৰ্থীত্ব নিবিচাৰো। কাৰণ এই বয়সত মই হাৰিবৰ বাবে নিৰ্বাচন নেখেলো। ইয়াৰ পাছত ৰাজনীতিৰ পৰা বিদায় লম। দলে যদি অন্য চিন্তা কৰে সেইটো বেলেগ কথা।'

অৱশ্যে তেওঁ অসমত বিজেপিৰ ফলাফল বহু ভাল হ'ব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে আজি নগাঁও চহৰৰ হয়বৰগাঁও ৰে'ল ষ্টেচনত ভি ডি অ' কনফাৰেন্সৰ মাধ্যমৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰাৰ লগতে উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত ভাৰতীয় ৰে'ল বিভাগকো সমালোচনা কৰে।

ভাষণত তেওঁ এই পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শলাগ লোৱাৰ বিপৰীতে উত্তৰ পূব ৰে'লৱেৰ কেতবোৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰে। উত্তৰ পূব ৰে'লৱে ৰূপায়ন কৰা একাংশ আঁচনি সঠিক স্থানত ৰূপায়ন হোৱা নাই বুলি মুকলি অভিযোগ কৰি একপ্ৰকাৰৰ উত্তৰ পূব ৰে'লৱেক হুংকাৰ প্ৰদান কৰে। ভাষণত তেওঁ "মে' মজবুৰ নেহী হো" বুলি উল্লেখ কৰি নিৰ্বাচনৰ পাছত প্ৰয়োজন হ'লে দিল্লীলৈ যাম বুলিও মন্তব্য কৰে।

Also Read: চিলাপথাৰত মুখ্যমন্ত্ৰীৰ পট্টা বিতৰণ, লাচিত বৰফুকনৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন...

ৰাজেন গোঁহাই লোকসভা নিৰ্বাচন