আপৰ অভিযোগঃ হিমন্ত চৰকাৰে মূল্যবৃদ্ধি,ঋণ, দুর্নীতিৰে সর্বকালৰ অভিলেখ ভংগ কৰিছে...

আপৰ অভিযোগঃ হিমন্ত চৰকাৰে মূল্যবৃদ্ধি,ঋণ, দুর্নীতিৰে সর্বকালৰ অভিলেখ ভংগ কৰিছে...
আপৰ অভিযোগঃ হিমন্ত চৰকাৰে মূল্যবৃদ্ধি,ঋণ, দুর্নীতিৰে সর্বকালৰ অভিলেখ ভংগ কৰিছে...

ডিজিটেল ডেস্ক: ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দুবছৰীয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনক বিভিন্ন তথ্যৰে কুশাসনৰ চৰকাৰ আখ্যা দিছে আম আদমি পাৰ্টী (আপ) য়ে। নিৰ্বাচনৰ সময়ত অসমৰ মূল জাতীয় সমস্যাবোৰৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতিৰ লগতে বিভিন্ন প্রলোভনেৰে ভোটাৰ ৰাইজৰ সমৰ্থন আদায় কৰি চৰকাৰ গঠনৰ দুটা বছৰত মাথোঁ প্ৰতাৰণা আৰু অতি কৌশলীভাৱে ৰাইজক মূল সমস্যাৰ পৰা আঁতৰাই অন্য বিষয়ত মোহাচ্ছন্ন কৰি ৰখা নিকৃষ্ট ৰাজনীতি বিজেপি চৰকাৰখনে কৰাৰ অভিযোগ দিয়ে দলটোৱে।

এক প্ৰেছ বিজ্ঞপ্তিযোগে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে, অসমত চূড়ান্ত স্বৈৰতন্ত্ৰৰ দুবছৰ সম্পূৰ্ণ হ'ল। অসমত এতিয়া এজনেই মন্ত্রী, এজনেই বিধায়ক, এজনেই বিচাৰক। চৰকাৰ, প্ৰশাসন, দলৰ কোনো অস্তিত্ব নাই।

ভুৱা এনকাউন্টাৰ এতিয়া ঘোষিত প্রশাসনিক নীতি। বিধানসভা, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ অস্তিত্বক অস্বীকাৰ কৰা হৈছে। এজনৰ কথাই আইন। ৰাজ্যৰ সংবাদ মাধ্যমক চৰকাৰৰ নিয়ন্ত্রণাধীন কৰি প্ৰতিটো সঁচা-মিছা কথাকে চৰকাৰৰ বৃহৎ সাফল্য হিচাপে প্ৰচাৰ কৰাত সফল হৈছে চৰকাৰখন।

ফলত প্রকৃত উন্নয়ন শূন্য। বিশেষ ৰাজ্যৰ মৰ্য্যদা পাই থকা অসমখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া দেউলীয়া চৰকাৰ হ'ল। লগতে আম আদমি পার্টীয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে অসমত দৰিদ্ৰতাৰ শিখৰলৈ নিয়া বুলি অভিযোগ দি চৰকাৰখনে অসমৰ সৰ্বস্তৰৰ জনতাৰ আশাত চেঁচাপানী ঢালি যোৱা দুবছৰে নিবনুৱাৰ সংস্থাপন, শিক্ষা, স্বাস্থ্য, খোৱাপানী, নিৰাপত্তা, মূল্যবৃদ্ধি ৰোধ, বাট-পথৰ উন্নয়ন আদি সকলো ক্ষেত্ৰতেই চূড়ান্ত ব্যর্থ হোৱা বুলি উল্লেখ কৰে।

তাৰোপৰি চৰকাৰখনে পেট্ৰ'লজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ কৰা মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে অসমৰ জনগণক । ইফালে বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে নির্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ'ৰ যোগেদি আত্মনিৰ্ভৰ অসমৰ বাবে ১০ টা সংকল্প আৰু ১৫ টা খণ্ডত ৮৪ টা প্রতিশ্রুতি দিয়াৰ তথ্য সদৰী কৰি 'আপ' ৰ নেতৃত্বয় কয় যে, ১০ টা সংকল্পৰ ১ নং ঘোষণাটো আছিল 'মিছন ব্ৰহ্মপুত্ৰ' ৰ সূচনাৰে বানমুক্ত অসম নিৰ্মাণ কৰা।

দুবছৰ ধৰি বাস্তৱ ক্ষেত্ৰত চৰকাৰখনে এক শতাংশৰ অগ্ৰসৰ হ'ব পৰা নাই। একেদৰে ২ নং সংকল্প হিচাপে অৰুণোদয় আঁচনিৰ মাহিলী ধনৰাশি ৮৬০ টকাৰ পৰা ৩,০০০ টকালৈ বৃদ্ধিৰ ঘোষণা কৰা হৈছিল যদিও উক্ত প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। ৩ নং সংকল্প আছিল নামঘৰ আৰু সত্ৰৰ সুৰক্ষা সম্পৰ্কীয়।

এবছৰৰ ভিতৰত সত্ৰৰ বেদখল উচ্ছেদৰ প্ৰতিশ্ৰুতি দিছিল যদিও উক্ত প্ৰতিশ্ৰুতি ৰক্ষাৰ দিশত চৰকাৰৰ অগ্ৰগতি মুঠেই আশাব্যঞ্জক নহয়। ৪ নং সংকল্প শিশুসকলৰ উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰাৰ দিশত চৰকাৰৰ একোয়ে অগ্ৰগতি নাই।

সংশোধিত এন আৰ চিৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰাটো আছিল ৫ নং সংকল্প। কিন্তু নির্বাচন শেষ হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীৰ ভোটৰ মোহত সমগ্ৰ এন আৰ চি বিষয়টো ধোৱাচাঙত পেলাই থলে।

একেদৰে ৬ নং সংকল্পত সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল। এই দিশতো চৰকাৰখনে বিশেষ গুৰুত্ব দিয়া নাই। ইস্তাহাৰত ৭ নং সংকল্পত অত্যাবশ্যকীয় সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰে অসমত আত্মনিৰ্ভৰশীল কৰি তোলা আৰু ৯ নং সংকল্পত অসমক ভাৰতৰ ভিতৰত আটাইতকৈ উদ্যমিতা সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল।

স্বামী বিবেকানন্দ অসম যুদ্ধ এমপ্লইমেন্ট যোজনা সৃষ্টি কৰি দহ লাখ যুৱকক উদ্যোগীৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে আজিলৈকে এজনো যুৱকক সাহায্য দিবলৈ সক্ষম নহ'ল। উক্ত দুয়োটা সংকল্পৰ বিপৰীত স্থিতি লোৱাহে দেখা গ'ল।

'অসমৰ নাগৰিক সকলক ভূমি অধিকাৰ প্ৰদানেৰে সবল কৰি তোলা' ৰ যিটো সংকল্প ১০ নম্বৰত উল্লেখ কৰা হৈছিল, এই বিষয়ত চৰকাৰখনে বিপৰীত স্থিতি লৈ বিধানসভাৰ বিগত অধিৱেশনত পঞ্জীয়ন আইনখন সংশোধনেৰে মাটিৰ পঞ্জীয়ন বিধি সলনি কৰি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ কাঢ়ি নিয়াৰ ৰাজনৈতিক ষড়যন্ত্ৰত চৰকাৰখন লিপ্ত হোৱা বুলি আপ দলটোৱে অভিযোগ উত্থাপন কৰে।

বিবৃতিটোত আপ দলটোৱে স্পষ্টভাৱে কয় যে, ৪৯ পৃষ্ঠাজোৰা 'সংকল্প পত্ৰ'ৰ জৰিয়তে বিজেপি দলে 'অসমৰ সভ্যতা সুৰক্ষা', 'অভ্যন্তৰীণ নিৰাপত্তা', 'অসমৰ যুৱ প্ৰজন্মৰ সবলীকৰণ', 'কৃষি', 'অর্থনৈতিক বিকাশ', 'অর্থনৈতিক সবলীকৰণ', 'জনজাতি সম্পৰ্ক আৰু কল্যাণ', 'সমাজ কল্যাণ সবকা সাথ সবকা বিকাশ', 'অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ সংৰক্ষণ তথা উদযাপন', 'পর্যটন আৰু সেউজ অসম' এইকেইটা শিতানত ৮৪ টা প্ৰতিশ্ৰুতি দিছিল।

কিন্তু যোৱা দুবছৰত চৰকাৰখন উক্ত প্রতিশ্রুতিসমূহ পালন কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষণ দেখা নাই। তাৰোপৰি অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদন ৰূপায়ন বিজেপি দলৰ অন্যতম প্রধান প্রতিশ্রুতি আছিল যদিও সমিতিৰ প্ৰতিবেদনখন যোৱা দুটা বছৰে দিল্লীলৈ প্ৰেৰণ নকৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণক বিজেপি চৰকাৰে চূড়ান্তভাৱে প্ৰতাৰণা কৰা বুলি দলটোৱে অভিযোগ কৰি এতিয়া সৰ্বস্তৰতে অসমীয়া ভাষা বিলুপ্তিকৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈ অসমীয়া জাতি, অসমৰ ভাষা আৰু সংস্কৃতিক ঐতিহাসিকভাবে ক্ষতি কৰিলে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপি দলৰে দীৰ্ঘদিনীয়া দাবী আছিল যদিও যোৱা দুবছৰে চৰকাৰখনে এই বিষয়টো আওকান কৰি চলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত মাত্র দুবছৰতে ৰাজহুৱা ঋণৰ পৰিমাণ ১ লাখ ৫০ হাজাৰ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। চৰকাৰখনে এই ঋণৰ ধনখিনি মূলতঃ বিজেপি দলৰ ৰাজনৈতিক মুনাফা লাভৰ কাম আৰু বিলাসিতাত ব্যৱহাৰ কৰি আছে।

পৰিণতিস্বৰূপে অসমৰ অৱস্থাও অদূৰ ভৱিষ্যতে শ্ৰীলংকাৰ দৰে হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 'সংস্থাপন সৃষ্টি' বিজেপি দলে অসমবাসীক দিয়া সর্ববৃহৎ প্ৰতিশ্ৰুতি আছিল যদিও এই প্রতিশ্রুতি আজিলৈকে পালন কৰিব নোৱাৰাটোক চৰকাৰখনৰ ব্যৰ্থতা বুলি আম আদমি পার্টীয়ে গণ্য কৰে।

এনেদৰে মুঠতে ব্যর্থতা, প্ৰতাৰণা আৰু কুশাসনৰ দস্তাবেজ বুলি আম আদমি পাৰ্টীয় অসম ৰাজ্যিক সমিতিয়ে অভিযোগ দিয়ে।

আপৰ অভিযোগঃ হিমন্ত চৰকাৰে মূল্যবৃদ্ধি,ঋণ, দুর্নীতিৰে সর্বকালৰ অভিলেখ ভংগ কৰিছে...
মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে বটদ্ৰৱা থানাত সুৰাৰ উজান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in