মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে বটদ্ৰৱা থানাত সুৰাৰ উজান...

মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে বটদ্ৰৱা থানাত সুৰাৰ উজান...

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে বটদ্ৰৱা থানাত সুৰাৰ উজান...

মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে বটদ্ৰৱা থানাত সুৰাৰ উজান...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ মঙ্গলবাৰে বটদ্ৰৱালৈ আগমন ঘটিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বটদ্ৰৱা প্ৰকল্প পৰ্যবেক্ষণ আৰু বটদ্ৰৱাত নতুনকৈ মুকলি হ'বলগীয়া ভাৰতীয় ষ্টেট বেংক বটদ্ৰৱা শাখাৰ শুভ উদ্বোধন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Advertisment

এই লৈ ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে নগাওঁ জিলা প্ৰশাসনে। ইফালে মুখ্যমন্ত্ৰী আগমণৰ প্ৰাক মুহূৰ্তত বটদ্ৰৱা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰাৰ লগতে চুলাই মদ।

বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা বটদ্ৰৱা আৰক্ষী চক্ৰ বিষয়া অসীম বৰাৰ নেতৃত্বত বটদ্ৰৱা থানাৰ অন্তৰ্গত ডুমডুমীয়াত অভিযান চলাই জব্দ কৰে এই সুৰাখিনি। এই সংক্ৰান্তত সুৰা ক্ৰয় কৰিব অহা ৮ জনকৈ লোককো আটক কৰিবলৈ সক্ষম হয় যদিওঁ এন্ধাৰৰ সুযোগলৈ পলাবলৈ সক্ষম হয় অবৈধ সুৰাৰ ব্যৱসায়ীটো।

উল্লেখ্য যে, গুৰুজনাৰ জন্মস্থানৰ কাষতেই এনেদৰে অবৈধ বাবে সুৰা বিক্ৰী হোৱা কাৰ্য্যই চাঞ্চল্যৰ সৃষ্টি হৈছে।

Also Read: মমতাই বংগত নিষিদ্ধ কৰিলে 'দ্যা কেৰালা ষ্টৰী'...

বটদ্ৰৱা