চণ্ডীগড়ৰ মেয়ৰৰ নিৰ্বাচনত হোৱা আচৰণক গৰিহণা আম আদমি পাৰ্টি অসমৰ

চণ্ডীগড়ৰ মেয়ৰৰ নিৰ্বাচনত হোৱা আচৰণক গৰিহণা আম আদমি পাৰ্টি অসমৰ

ডিজিটেল সংবাদ,গুৱাহাটী : শেহতীয়াকৈ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত দেখা পোৱা নিৰ্বাচনী ৰিগিং আৰু অনিয়মৰ বাতৰিৰ বিৰুদ্ধে তীব্ৰ গৰিহণা যোগাইছে আম আদমি পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি ড০ ভবেন চৌধুৰীয়ে। ড° চৌধুৰীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অখণ্ডতা বজাই ৰখাৰ সৰ্বোচ্চ স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, নিৰ্বাচনত এনে যিকোনো ধৰণৰ অসৎ আচৰণে ন্যাৰ্য প্ৰতিনিধিত্বৰ মৌলিক অধিকাৰসমূহক ক্ষতিগ্ৰস্ত কৰে।

শেহতীয়াভাৱে বেলট বাকচৰ লগত হেতালি খেলাৰ এক দৃশ্য, যি ঘটনাত কথিতভাৱে এজন প্ৰিজাইডিং অফিচাৰে অসৎভাৱে লিপ্ত হোৱা এটা চিন্তনীয় ভিডিঅ'যোগে চিত্ৰিত কৰা হৈছে। ই আপ অসমক গভীৰভাৱে অস্থিৰ কৰি তুলিছে। ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থীৰ ভোট বাতিল হোৱা ঘটনাই নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু ন্যায্যতাক লৈ যথেষ্ট সন্দেহৰ সৃষ্টি কৰিছে।

ড° চৌধুৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে, এনে কাৰ্যই ভাৰতৰ গণতান্ত্ৰিক নীতি-নিয়মক কেৱল উফৰাই পেলোৱাই নহয়, মহাত্মা গান্ধীৰ আদৰ্শকো অসন্মান কৰিছে। কাৰণ ১৯৪৮ চনৰ তেওঁৰ হত্যাকাণ্ডৰ দিনটোতে চণ্ডীগড়ত এনে এক অগণতান্ত্ৰিক কাণ্ড সংঘটিত হয়। গান্ধীৰ অহিংসা আৰু নৈতিক শাসনৰ উত্তৰাধিকাৰীসকলৰ পৰা এনে বিচ্যুতি চণ্ডীগড়ৰ দৰে চহৰত দেখা পোৱাটো অতিকৈ দুৰ্ভাগ্যজনক।

এনে উগ্ৰ কাৰ্যক গৰিহণা দিয়াৰ ক্ষেত্ৰত আপ অসমে দৃঢ়তাৰে সংহতিৰে থিয় দিছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ পবিত্ৰতাৰ সৈতে আপোচ কৰাৰ বাবে দায়বদ্ধসকলৰ বিৰুদ্ধে দ্ৰুত আৰু নিৰ্ণায়ক আইনী ব্যৱস্থা গ্ৰহণৰ জৰুৰী আহ্বান কৰে বিৰোধী দলটোৱে।

তদুপৰি আপ অসমে ভাৰতৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ অখণ্ডতাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি এনে ঘটনাৰ বহল তথা নেতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। গণতন্ত্ৰৰ ৰক্ষাৰ হেতু তথা জনসাধাৰণৰ মতামতক যাতে কোনো বিকৃতি বা হেতালি খেলা নোহোৱাকৈ শুনা যায় তাৰ বাবে মুক্ত আৰু নিকা নিৰ্বাচনৰ নীতি ৰক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ বুলিও মত আগবঢ়াই আপে।

স্বচ্ছতা, জবাবদিহিতা আৰু নৈতিক শাসনৰ প্ৰতি দায়ৱদ্ধ দল হিচাপে আপ অসমে নিৰ্বাচনী অখণ্ডতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত দলটোৱে তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰাৰ লগতে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থাৰ পোষকতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে চণ্ডীগড়ৰ শেহতীয়া মেয়ৰ নিৰ্বাচন প্ৰথমে ১৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও প্ৰিজাইডিং অফিচাৰৰ স্বাস্থ্যজনিত সমস্যাৰ অজুহাতত এক বিতৰ্কৰ মাজেৰে ৬ ফেব্ৰুৱাৰী লৈ পিছুৱাই দিয়া হৈছিল। ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থীৰ ভোট বাতিল হোৱাৰ পিছতে বিজেপি প্ৰাৰ্থীগৰাকী বিজয়ী হৈ ওলাই অহাৰ পিছতে ৰিগিঙৰ অভিযোগ উত্থাপন হয়।

ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী কুলদীপ সিঙৰ ভোট বাতিল হোৱাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তীব্ৰ শংকা প্ৰকাশ কৰি নিৰ্বাচনী অসৎ ব্যৱহাৰৰ আতংকজনক স্বৰূপক আঙুলিয়াই দিছে। আপৰ সাংসদ ৰাঘৱ চাদ্ধাইও দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সুৰতে সুৰ মিলাই এনে প্ৰিজাইডিং অফিচাৰৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আৰু ভাৰতৰ গণতন্ত্ৰত এনে অসৎ আচৰণৰ বিৰূপ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে ২০২১ চনৰ চণ্ডীগড় পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে ১২খন আসন লাভ কৰাৰ বিপৰীতে আপে ১৪ খন আৰু আইএনচিয়ে ৮খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে। আপৰ প্ৰতি স্পষ্ট জনাদেশ থকাৰ পাছতো শেহতীয়া মেয়ৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ কথিত হস্তক্ষেপক লৈ আপ অসমে উদ্বেগ প্ৰকাশ কৰিছে, যিয়ে পূৰ্বৰ প্ৰতিদ্বন্দ্বিতাসমূহতো পৰিলক্ষিত হোৱা অনিয়মৰ কথাও মনত পেলাই দিছে।

চণ্ডীগড়ৰ মেয়ৰৰ নিৰ্বাচনত হোৱা আচৰণক গৰিহণা আম আদমি পাৰ্টি অসমৰ
বোকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে মে-ডাম-মে-ফি উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in