বোকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে মে-ডাম-মে-ফি উদযাপন

পুৰোহিতসকলে টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি অনুসৰি দেৱতাসকলক স্মৰণ কৰে
বোকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে মে-ডাম-মে-ফি উদযাপন

ডিজিটেল সংবাদ,বোকাজান : সমগ্ৰ অসমৰ লগতে পাৰ্বত্য জিলা কাৰ্বিআংলংৰ বোকাজানতো দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে টাই আহোমসকলৰ পবিত্ৰ মে-ডাম-মে-ফি উৎসৱ পালন কৰা হয় ৷ স্থানীয় চুকাফা পথাৰত পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি অতুল বৰগোহাঁইয়ে ৷

তেওঁক সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ সদস্য মাধুৰ্য ঢেকীয়াল ফুকনে ৷ পতাকা উত্তোলনৰ পাছতেই পূৰ্বপুৰুষসকলক ৰীতি নীতিৰে স্মৰণ কৰা হয় ৷ শিৱসাগৰ বানমুখৰ পৰা অহা পুৰোহিতসকলে টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় ৰীতি অনুসৰি দেৱতাসকলক স্মৰণ কৰে ৷

ইয়াৰ পাছতেই উদযাপনস্থলীত বিভিন্ন পৰম্পৰাগত সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হয় ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আজিৰ এই মে-ডাম-মে—ফি অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

বোকাজানত বৰ্ণাঢ্য কাৰ্যসূচীৰে মে-ডাম-মে-ফি উদযাপন
বৰহোলাত অনুষ্ঠিত গ্ৰন্থমেলাৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in